NORTHEAST NOW (Assamese)

বিধেয়ক আনি এন আৰ চি বাতিল কৰিবলৈ মোদী চৰকাৰক আহ্বান

August 21, 2019 8:21 pm · শান্তনু শইকীয়া
Updated: August 21, 2019 8:27 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বিধেয়ক আনি এন আৰ চি বাতিল কৰিবলৈ মোদী চৰকাৰক আহ্বান জনাইছে সচেতন নাগৰিক মঞ্চ, অসমে।

“কেইবালাখ বিদেশীৰ অন্তৰ্ভুক্তিৰে প্ৰকাশ পাবলগীয়া নাগৰিক পঞ্জীখন কেন্দ্ৰীয় চৰকাৰে বিধেয়ক আনি বাতিল কৰিব লাগে৷ নহ’লে অসমীয়াৰ আয়ুসৰেখা হ’বলগীয়া নাগৰিক পঞ্জীখন অসমীয়াৰ মৃত্যুৰেখা হ’ব,” মঞ্চৰ সভাপতি চন্দন ভট্টাচাৰ্য্য স্বাক্ষৰিত বিবৃতিত প্ৰকাশ।

মঞ্চটোৱে এন আৰ চি বাতিল কৰাৰ দাবী জনোৱাৰ সমান্তৰালকৈ আকৌ বাদ পৰা ভাৰতীয় নাগৰিকক সহায় আগবঢ়াবলৈয়ো চৰকাৰক আহ্বান জনাইছে।

“এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ আইনী সাহায্য প্ৰদান এক উচিত পদক্ষেপ হ’ব,” মঞ্চৰ মত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীৰ বৈঠকৰ পিছত নাগৰিক পঞ্জী সম্পৰ্কে কৰা সিদ্ধান্তক আদৰণি জনাই ভট্টাচাৰ্য্যই কয়, “বিদেশী ন্যায়াধিকৰণত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আবেদনৰ সময়সীমা বৃদ্ধিয়ো শুদ্ধ পদক্ষেপ৷”

এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীক দৃঢ় পদক্ষেপ ল’বৰ বাবে আহ্বান জনায় তেওঁ।

‘নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই একপক্ষীয়ভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক উপেক্ষা কৰি ন্যায়ালয়ক বিপথে পৰিচালিত কৰি বিদেশীযুক্ত আৰু খিলঞ্জীয়া নাগৰিকৰ নাম বাদ পৰা ক্ৰটিপূৰ্ণ  নাগৰিক পঞ্জী এখন প্ৰকাশ কৰিছে’ বুলি সংগঠনটোৱে দাবী কৰে।

লগতে ‘সচেতন নাগৰিক মঞ্চ, অসম, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আছাম পাব্লিক ওৱাৰ্কছ আৰু অসমৰ লক্ষ লক্ষ খিলঞ্জীয়া নাগৰিকৰ ন্যায়সংগত আবেদনক গুৰুত্ব নাই দিয়া বুলি’ বিবৃতিটোত প্ৰকাশ কৰে।

Related News