দিখৌত সন্ধানহীন পৰিয়ালটোক উদ্ধাৰৰ বাবে বিয়লি উপস্থিত হ’ব বিশাখাপট্টনমৰ নৌসেনা বাহিনীৰ দল

শনিবাৰৰ নিশাৰে পৰা উদ্ধাৰ অভিযানত নমা এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীয়ে দেওবাৰে বিয়লিলৈকে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল দিখৌনদীত গাড়ীসহ পৰা হৰেন বৰাৰ পৰিয়ালটোক।
দেওবাৰে গোটেইদিনটো উদ্ধাৰ অভিযান চলায়ো সফল হ’ব নোৱাৰিলে উদ্ধাৰকাৰী দলটো। যাৰ বাবে কালি শিৱসাগৰ জিলা উপায়ুক্তই ভাৰতীয় সেনা আৰু নৌ সেনাৰ সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে।
ফলত আজি পুৱাৰে পৰা সেনাৰ ২১ পেৰা কামাণ্ডোৰ এটা দলৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ ৰ ৩০ জনীয়া এটা দলে কেইবাখনো নাও, এখন যন্ত্ৰচালিত জাহাজ আৰু কেইবাজনো ডুবাৰুৰ সহায়ত দুৰ্ভগীয়া পৰিয়ালটোৰ সন্ধানত দিখৌ নদীত অভিযান চলায়।
প্ৰায় ৩০ ৪০ ফুট গভীৰ দিখৌ নদীৰ সোঁতৰ ধাৰ ওপৰত কৈ তলত বেছি আৰু নদীৰ পানী অত্যন্ত ঘোলা হোৱাৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছে যদিও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে।
ইফালে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পৰা জানিব পৰা মতে উদ্ধাৰ অভিযান সফল কৰিবলৈ বিশাখাপট্টনমৰ নৌ সেনা বাহিনীৰ এটা দল আহি যোৰহাটত উপস্থিত হ’ব। আৰু যোৰহাটৰ পৰা বিয়লি ২ বজাত দুৰ্ভগীয়া পৰিয়ালটো উদ্ধাৰৰ বাবে দিখৌ নৌৰ পাৰত উপস্থিত হ’ব নৌ সেনা বাহিনীৰ দলটো।