অনলাইনত প্লেটফৰ্মত প্ৰদৰ্শিত হ’ব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ দ্বিতীয় বিশ্বযুদ্ধৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ ‘মেমোৰিজ অফ ফৰগোটেন ৱাৰ’ 

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ-পূবৰ সেনা জোৱান আৰু সাধাৰণ নাগৰিকে কৰা অদম্য ত্যাগক প্ৰতিফলিত কৰি নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘মেম’ৰিজ অফ ফৰগোটেন ৱাৰ’ অনলাইন প্লেটফৰ্ম মুভিষ্টেইনত ২ ছেপ্তেম্বৰত প্ৰদৰ্শন কৰা হ’ব।

অসমৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে পৰিচালনা কৰা তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে জোকটোৰ বেনাৰত প্ৰসিদ্ধ চাইবাৰ চিকিউৰিটি এক্সপাৰ্ট সুবিমল ভট্টাচাৰ্য্যই।

৭৫ বছৰ আগতে সমাপ্ত হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ ছবি তথ্য চিত্ৰখনত তুলি ধৰা হৈছে।

২০১৬ চনৰ ৪৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশলোৱা তথ্যচিত্ৰখন ২০১৮ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শন কৰা হৈছিল।

প্ৰায় তিনিবছৰ ধৰি নিৰ্মাণ কৰা তথ্যচিত্ৰখন মণিপুৰ আৰু নাগালেণ্ডৰ বিভিন্ন ভিতৰুৱা ঠাইৰ ইংলেণ্ড আৰু জাপানত বিশ্বৰ প্ৰসিদ্ধ চলচ্চিত্ৰ কৰ্মীৰ সহায়ত দৃশ্যগ্ৰহণ কৰা হৈছিল।

OLYMPUS DIGITAL CAMERA

তথ্যচিত্ৰখনত দ্বিতীয় মহাযুদ্ধৰ সময়ত যুদ্ধত অংশলোৱা ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি আৰ জাপানীজ আৰ্মিৰ বহুসংখ্যক অৱসৰ প্ৰাপ্ত সেনা জোৱানে নিজৰ অভিজ্ঞতাৰ কথা দাঙি ধৰিছে।

তথ্যচিত্ৰখনত টকিঅ’ত থকা ৰেনকোজি মন্দিৰো দেখুওৱা হৈছিল যাৰ সৈতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সম্পৰ্ক আছিল।

তথ্যচিত্ৰখনত ভাৰত ভূমিত (ইম্ফলৰ মৈৰাঙত) থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ একমাত্ৰ কাৰ্য্যালয়টো দেখুওৱা হৈছে।

ইয়াৰোপৰি, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অৰুণাচল প্ৰদেশত আমেৰিকান সৈন্যই ব্যৱহাৰ কৰা যুদ্ধৰ সামগ্ৰীও তথ্যচিত্ৰখনত তুলি ধৰা হৈছে।