বিশিষ্ট ভাষাবিদ, ভাষাতত্ববিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ৰমেশ পাঠকে মঙলবাৰে সন্ধিয়া মহানগৰীৰ হাতীগাঁৱৰ লক্ষ্মীনগৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ড০ পাঠকৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৯ বছৰ।
কটন কলেজ (বৰ্তমানৰ বিশ্ববিদ্যালয়)ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক পাঠকে অসময়ী ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট উল্লেখনীয় অৱদান আগবঢ়াইছে।
১৯৪২ চনৰ ১ মাৰ্চত নলবাৰীৰ খলিহাগুৰীত জন্মগ্ৰহণ কৰা পাঠকে টিহু হাইস্কুলৰ পৰা ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
নলবাৰী কলেজৰ পৰা ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।
১৯৮৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা পাঠকে ভাষা আৰু ব্যাকৰণ বিষয়ত ভালে কেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
ইয়াৰ ভিতৰত ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস, ব্যাকৰণ আৰু প্ৰকৃতি বিজ্ঞান, ষ্টাডিছ ইন আছামিছ ভ’কেলুবেলাৰী, পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ব, অসমীয়া ভাষাৰ বিভিন্ন দিশঃ মত আৰু বিতৰ্কিত মত, নামে কি কৰে, থাক ঐ থাক সোমাই থাক, এটা নতুন সূৰ্য লাগে আদি উল্লেখযোগ্য।
উল্লেখ্য যে ২৫ জানুৱাৰিত অসম প্ৰকাশণ পৰিষদে তেখেতৰ বাসগৃহলৈ গৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছিল।
অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰীসীম অৱদানৰ বাবে ড০ পাঠকক অসম সাহিত্য সভাই ‘সাহিত্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰিছিল।
এইগৰাকী মহান শিক্ষাবিদ তথা ভাষাবিদৰ বিয়োগত সমাজ তথা সাহিত্যক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি বুলি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিহিত কৰি শোকপ্ৰকাশ কৰে।