অসমৰ জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু

বুধবাৰে অসমৰ জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু হয়। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে জ্যেষ্ঠ সাংবাদিকজনে।

শিৱসাগৰৰ শিমলুগুৰিত জন্মগ্ৰহণ কৰা চিত্ৰকৰ দৈনন্দিন বাৰ্তা আৰু নিউজ টাইম আছামৰ দৰে সংবাদ প্ৰতিষ্ঠানৰ হৈ কাম কৰিছিল।

চিত্ৰকৰে ১৯৮০ চনত আমাৰ প্ৰগতি নামৰ এখন সাপ্তাহিকৰ জৰিয়তে সাংবাদিকতাৰ পাতনি মেলিছিল।

তেওঁ ১৯৮৪ চনত জাগৃত নামৰ এখন হিন্দী সাপ্তাহিকৰ সৈতে জড়িত হৈ পৰে।

ইয়াৰ পিছত ১৯৯১ চনত তেওঁ নিজে সাপ্তাহিক কৃষক বন্ধু নামৰ এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিবলৈ লয়।

সাপ্তাহিক বাতৰি কাকতৰ উপৰি চিত্ৰকৰে আজি, দৈনিক জনসাধাৰণ, গণ অধিকাৰ, দৈনিক প্ৰতিবেদন আদিৰ দৰে কাকততো সাংবাদিকতা কৰে।

শেহতীয়াকৈ তেওঁ দৈনন্দিন বাৰ্তাত চিফ ৰিপ’ৰ্টাৰ হিচাপেও কাম কৰিছিল।

চিত্ৰকৰৰ সম্পাদনাত ‍‘চৰাইদেউ এক ঐতিহাসিক দলিল’, সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত সন্থাৰ স্মৃতিগ্ৰন্থ প্ৰকাশ পাইছিল।

এই সাংবাদিক গৰাকীয়ে পত্নী আৰু এজন পুত্ৰক এই সংসাৰত এৰি থৈ যায়।

ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্বেৰ চিত্ৰকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

দিচপুৰ প্ৰেছ ক্লাবেও চিত্ৰকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।