শংকৰদেৱ আৰু অসমীয়া জাতিক লৈ উপলুঙা পতঞ্জলিৰ যোগ নিৰীক্ষকৰ : পতঞ্জলিৰ প্ৰডাক্ট বৰ্জনৰ আহ্বান ছ’চিয়েল মিডিয়াত

Boycott Patanjali Products

হিন্দুত্বৰ আৱেগক ব্যৱহাৰ কৰি বৃহৎ ব্যৱসায় সাম্ৰাজ্য গঢ়ি তোলা পতঞ্জলিৰ বিৰুদ্ধে এইবাৰ ছ’চিয়েল মিডিয়াত ব্যাপক অভিযান আৰম্ভ কৰিছে অসমৰ নৱ প্ৰজন্মই। দৰং জিলাৰ দুনীত পতঞ্জলিৰ উত্তৰ-পূব ভাৰতৰ যোগ নিৰীক্ষক সতীনাথ বাৰাল নামৰ ব্যক্তিজনে শংকৰদেৱক লৈ উপলুঙাসূচক মন্তব্য কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত এইদৰে ‘পতঞ্জলিৰ প্ৰডাক্ট বৰ্জন কৰো আহক’ শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে।

উল্লেখযোগ্য যে দৰং জিলাৰ দুনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেৰুৱাত পতঞ্জলি  যোগপীঠ হৰিদ্বাৰৰ তত্ত্বাৱধানত যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া বিনামূলীয়া যোগ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত আছিল যোগ নিৰীক্ষক সতীনাথ বাৰাল।

প্ৰশিক্ষণৰ সময়খিনিত বাৰালে মাজে মাজে অসমৰ সকলোৰে শ্ৰদ্ধা-ভক্তিৰ শ্ৰীমন্ত শংকৰদেৱক লৈ উদ্ভট মন্তব্য কৰি আহিছিল। ইয়াকে লৈ শিবিৰত অংশগ্ৰহণ কৰা আৰু দাঁতিকাষৰ মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াই গা কৰি উঠে। বাৰালে শংকৰদেৱ ডাঙৰ পণ্ডিত নহয় বুলি কয়। লগতে নামঘোষাত কিনো ভাল কথা আছে বুলি প্ৰশ্ন কৰে।

২৯ ছেপ্তেম্বৰত শিবিৰৰ অন্তিম দিনৰ প্ৰশিক্ষণৰ সামৰণি কাৰ্য্যসূচীৰ সময়ত এই প্ৰতিক্ৰিয়াই অধিক তীব্ৰ ৰূপ লয় আৰু বিশৃংখলাৰ সৃষ্টি হয়। উপস্থিতসকলে বাৰালক জবাবদিহি কৰিব খোজে। বিতৰ্কিত মন্তব্যৰ বাবে শিবিৰত উপস্থিত থকা লোকসকলে প্ৰতিবাদ কৰে। পৰিস্থিতি উত্তপ্ত হোৱাত শিবিৰৰ পৰা কৌশলেৰে পলায়ন কৰে ভণ্ড যোগগুৰুজনে।

জানিব পৰামতে, কেৱল শংকৰদেৱকে নহয়, অসমীয়া মানুহবোৰক সামগ্ৰিকভাৱে মূৰ্খ বুলিও কৈছিল ভণ্ড বাবাই। অসমীয়া মানুহে ঘিউৰ পৰিৱৰ্তে মিঠাতেলৰ চাকি জ্বলোৱা বুলি কৈ ‘মূৰ্খ নেকি’ বুলি প্ৰশ্ন কৰিছিল।

এই কথা ৰাষ্ট্ৰ হৈ পৰাত ছ’চিয়েল মিডিয়াত পতঞ্জলি বিৰোধী মতে গা কৰি উঠা দেখা গৈছে। বহুতেই নিজৰ ৱালত পতঞ্জলিৰ প্ৰডাক্ট বৰ্জন কৰিবলৈ আহ্বান জনাইছে। লগতে দোকানীসকলকো পতঞ্জলিৰ প্ৰডাক্ট বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে।

মন কৰিব লগীয়া যে অসমলৈ আহি ভাৰতৰ মূল ভূখণ্ডৰ মানুহে ইয়াৰ মানুহক বিভিন্ন ধৰণৰ তুচ্ছতাসূচক মন্তব্য কৰি যোৱাৰ উদাহৰণ কম নহয়। কিছু দিনৰ পূৰ্বে পতঞ্জলিৰে আন এজন বিষয়াই অসমীয়া মানুহবোৰক অসভ্য বুলি মন্তব্য কৰিছিল। তাৰোপৰি বিগত বিধান সভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অহা বিজেপিৰ নেতাই শংকৰদেৱক ‘বাবা চংকৰদেৱ’ বুলি উল্লেখ কৰি আন এক বিতৰ্ক কৰি গৈছিল।