NORTHEAST NOW (Assamese)

দুধনৈত অঘটন! তীব্ৰবেগী ৰে’লৰ খুন্দাত থিতাতে নিহত ৰে’ল বিভাগৰ সহকাৰী কণিষ্ঠ অভিযন্তা

November 20, 2022 11:16 am · নীলমনি শর্মা, কৃষ্ণাই

ৰাসৰ আনন্দ-উলাহৰ মাজতে গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হ’ল এক  শোকাৱহ ঘটনা ৷ তীব্ৰবেগী ৰে’লৰ খুন্দাত থিতাতে নিহত হয় ৰে’ল বিভাগৰ এগৰাকী সহকাৰী কণিষ্ঠ অভিযন্তা। নিহত ৰে’ল বিভাগৰ সহ অভিযন্তা কুলদীপ সিং যাদৱৰ ঘৰ উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে৷

আৰক্ষী সুত্ৰে জানিবলৈ দিয়া মতে দুধনৈ ৰে’ল ষ্টেচনৰ নিচেই কাষতে মণ্ডলগ্ৰামত ৰে’ল অভিযন্তা গৰাকীয়ে ৰে’ল লাইনৰ ওপৰত বহি কাম কৰি আছিল৷ সেই সময়তে তীব্ৰবেগী গুৱাহাটী-দিল্লী অভিমুখী সম্পৰ্ক ক্ৰান্তি ৰে’লখনে খুন্দিয়াই দিয়াত অভিযন্তা গৰাকী ৰে’ল লাইনৰ ওচৰত থকা পিতনিত চিটিকি পৰে আৰু থিতাতে নিহত হ’য়৷

লগতে পঢ়ক: টেবুল টেনিছত অভিলেখ মণিকাৰ; প্ৰথম ভাৰতীয় মহিলা হিচাপে গঢ়িলে ইতিহাস

ঘটনা সংঘটিত হোৱাৰ পিচত ঠাইডোখৰত হুৱাদুৱা লাগে আৰু লগে লগে দুধনৈ আৰক্ষীক খবৰ দিয়া হয়৷ দুধনৈৰ আৰক্ষী বিষয়া হৰ্ষজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি ৰাইজৰ সহযোগত মৃত ব্যক্তি গৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আহে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ পঠোৱাৰ ব্যবস্থা কৰে৷ মৃতকৰ পেন্টৰ পকেটত থকা পৰিচয় পত্ৰৰ তথ্য অনুসৰি সহকাৰী ৰে’ল অভিযন্তা গৰাকীক উত্তৰ প্ৰদেশৰ কুলদ্বীপ সিং যাদব বুলি জানিব পৰা গৈছে।

Related News