ছিপাঝাৰৰ ধলপুৰত সংঘটিত উচ্ছেদ কাণ্ডৰ প্ৰতিক্ৰিয়া এ এছ এছ পি আৰু এ এছ জে এফৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালনত ব্যৰ্থ হোৱাৰ অভিযোগ

IMG-20210926-WA0004

ফটো: নৰ্থইষ্ট নাও।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আৰু অসম সামাজিক ন্যায় মঞ্চৰ এটা সঁজাতি দলে দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটিৰ ধলপুৰত উপস্থিত হৈ উচ্ছেদিত লোকৰ পৰিস্থিতিৰ বুজ লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে।

অসম সামাজিক ন্যায় মঞ্চৰ সভাপতি আব্দুছ ছামাদ আহমেদে কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হৈছে{

তেওঁ অভিযোগ উত্থাপন কৰি কয় যে এচাম হিন্দু ধৰ্মৰ লোকৰ মন জয় কৰিবলৈ ধৰ্মীয় সংখ্যালঘু লোকক এক পক্ষীয়, অসাংবিধানিক আৰু অমানৱীয়ভাবে উচ্ছেদ কৰাৰ লগতে গুলিয়াই হত্যা কৰিছে।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজে কয় যে একনায়িকত্ববাদী চৰকাৰৰ নিৰ্দেশত দৰং জিলা প্ৰশাসনে হিটলাৰী কায়দাৰে নিশা জাননী দি ৰাতিপুৱা অমানৱীয়ভাবে উচ্ছেদ কৰাটো গৰিহনাৰ যোগ্য।

আজিজে লগতে কয় যে অসমত গণতন্ত্ৰ ভুলন্ঠিত কৰি, মানৱ অধিকাৰ খৰ্ব কৰা হৈছে।

ধলপুৰৰ উচ্ছেদিত লোকৰ আৰ্তনাদ ৰাষ্ট্ৰীয় পৰ্য্যায়ত লৈ যোৱাৰ লগতে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব বুলি উল্লেখ কৰি তেওঁ কয় যে স্থানীয় উচ্ছেদিত সকলে জানিব দিয়া মতে চৰকাৰে ঘৰ দুৱাৰ, সা-সামগ্ৰী ভাঙি ধ্বংস কৰি খেদি দিয়াৰ পিছত কোনো ধৰণৰ থকা, খোৱাৰ ব্যৱস্থা কৰা নাই আৰু তেওঁলোকে কণ কণ শিশুক লৈ মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে।

সংগঠন দুটাৰ সজাতি দলত উপস্থিত থকে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজ, কাৰ্যকৰী সভাপতি মোকাদ্দেচ আলী মণ্ডল, সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন, সম্পাদক নুৰ মহম্মদ, প্ৰচাৰ সম্পাদক ছাইফুল ইছলামৰ লগতে বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলামৰ লগতে কেইবাজনো নেতা কৰ্মী।