টীয়কত খাদ্য-সামগ্ৰী বিতৰণ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে

Screenshot_2020-05-03-17-31-14_1

টীয়কত ৰাইজৰ কাষত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি  গৈ
বানে গৰকা জাঁজীমুখৰ ৫০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত থকা দীৰ্ঘসময়ৰ ল’কডাউনে অসমৰ খাতিখোৱা ৰাইজক বাৰুকৈয়ে জোকাৰি গৈছে।

তেনে সময়তে আর্থিকভাৱে পিছপৰা লোকৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷

আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ বিশেষ সহযোগত তথা টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, জাঁজীমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগিতাত চৰকাৰী সকলো নীতি নিৰ্দেশনা মানি সমাজিক দূৰত্ব বজাই ৰাখি যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ লুইতপৰীয়া, হাতীশাল, বেজৰচিগা আদি অঞ্চলত আর্থিকভাৱে পিছপৰা প্ৰায় ৫০০ টা পৰিয়ালৰ মাজত চাউল, দাইল, আটা, পিয়াঁজ, আলু, মিঠাতেল, নিমখ আদি বিতৰণ কৰে।

উক্ত সমগ্ৰ কাৰ্যসূচীতে ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষভাৱে প্ৰয়োজনীয় কাগজ, বহী, কলম, পেঞ্চিল আদি সামগ্ৰী প্ৰদান কৰে টীয়কৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ চুতীয়াই।

ৰাইজৰ মাজত কলিয়াপানী উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক তুনতুনি বৰাৰ নেতৃত্বত তৃনয়না মণ্ডল পৰ্যায়ৰ সংগঠনে শতাধিক মাস্ক বিতৰণ কৰে৷

এই বিতৰণ কাৰ্যসূচীত আছু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দীপ জ্যোতি গগৈ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভুঞাকে প্ৰমুখ্য কৰি কেওখন আঞ্চলিকৰ  বিষয় ববীয়াই সহযোগিতা আগবঢ়ায়।k