গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া সদৌ অসম ৰাজ্যিক পৰিবহণ নিগমৰ (ASTC) উপনগৰৰ পৰা অহা তথা দীৰ্ঘ দূৰত্বৰ বাছসমূহক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ৰূপনগৰ ডিপোলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।

এই নিৰ্দেশ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পৰা আহিছে।

১ জুন তাৰিখৰ চৰকাৰী নিৰ্দেশত উল্লেখ কৰা হৈছে যে চলি থকা উৰণীয়া সেতু নিৰ্মাণৰ বাবে অঞ্চলটোত যান-জঁটৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীলৈ অহা সকলো দীৰ্ঘ দূৰত্বৰ বাছ মালিগাঁও অঞ্চলৰ মাজেৰে প্ৰৱেশৰ পৰা বিৰত থাকিব লাগে।

লগতে পঢ়ক: নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

বাছবোৰক লখৰা, গড়চুক, বেলতলা, বা খানাপাৰা হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।

কামৰূপ মেট্ৰ’ উপায়ুক্তৰ কাৰ্যালয়ৰ অফিচিয়েল হেণ্ডেলে টুইটাৰত শ্বেয়াৰ কৰা এই নিৰ্দেশৰ প্ৰতিলিপিত লিখা আছে, “নাগৰিক, যাত্ৰী আৰু সংশ্লিষ্ট পক্ষৰ বাবে  তথ্য পৰামৰ্শ।”

নিৰ্দেশত লিখা আছে, “মালিগাঁও অঞ্চলত উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে আৰু মহানগৰীৰ সেই অঞ্চল প্ৰচণ্ড যানজঁটৰ সন্মুখীন হৈছে, গতিকে উপ-নগৰীয়া বা দূৰণিবটীয়া ঠাইৰ পৰা অহা ASTC ৰ বাছসমূহে অযথা যানজঁটৰ পৰা হাত সাৰিবলৈ ২ জুন ২০২৩ ইং তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গড়চুক বা লখৰা বা বেলতলা বা খানাপাৰাৰ মাজেৰে ৰূপনগৰ ডিপোত উপস্থিত হ’ব লাগে।‘’