গুৱাহাটীত কাৰ্যালয়ৰ ভিতৰতে আত্মহত্যা অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ

index.jpghh_-750x375

প্ৰতিনিধিত্বমূলক ফটো।

গুৱাহাটীৰ পল্টন বজাৰ অঞ্চলত থকা নিজৰ কাৰ্যালয় চৌহদতে অসম ৰাজ্যিক পৰিবহন নিগমৰ এগৰাকী কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে।

মৃত লোকজনক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, ঠাকুৰীয়াই সোমবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ জেনেৰেটৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে।

বিগত দুবছৰ ধৰি তেওঁ অসম ৰাজ্যিক পৰিবহন নিগমৰ এগৰাকী চুক্তিভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি আছিল।

বাতৰি অনুসৰি, ঠাকুৰীয়া নলবাৰী জিলাৰ টিহুৰ বাসিন্দা আছিল।

ঘটনাৰ খৱৰ পোৱাৰ পাছত পল্টন বজাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৃত ঠাকুৰীয়াই কি কাৰণত এনেধৰণে জীৱনৰ চৰম পথ বাচি ল’লে সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।