অসম ৰাজ্যিক পৰিবহন নিগমত অন্তৰ্ভূক্ত হ’ল ২০ খন প্ৰিমিয়াম মাৰ্ছিডিজ বেঞ্জ বাছ

New-Mercedes-Coach

যাত্ৰীক দ্ৰুত, আৰামদায়ক আৰু সুৰক্ষিত যাত্ৰাৰ নিশ্চিতি দিব পৰাকৈ আজিৰে পৰা অসম ৰাজ্যিক পৰিবহন নিগমত অন্তৰ্ভূক্ত কৰা হ’ল ২০ খনকৈ অত্যাধুনিক তথা বিলাসী প্ৰিমিয়াম মাৰ্ছিডিজ বেঞ্জ বাছ।

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক  পদাধিকাৰ মহাবিদ্যালয়ৰ পৰা এই অত্যাধুনিক বাছ কেইখনৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী,এএছটিচিৰ অধ্যক্ষ তথা উপাধ্যক্ষ ক্ৰমে অশোক কুমাৰ ভট্টৰাই আৰু কে কে দ্বিবেদী, পৰিবহন আয়ুক্ত আনন্দ প্ৰকতাশ তেৱাৰী আদি ব্যক্তিসকল উপস্থিত থাকে।

নতুনকৈ অন্তৰ্ভূক্ত কৰা প্ৰিমিয়াম মাৰ্ছিডিজ বেঞ্জ বাছ কেইখন বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ লগতে গুৱাহাটীৰ পৰা শিলচৰ,ডিব্ৰুগড়  আৰু যোৰহাটলৈ চলিব।

অসম ৰাজ্যিক পৰিবহন নিগমে ক’ৰ’ণাতংকৰ বাবে বন্ধ হৈ থকা গুৱাহাটী-ধুবুৰী,লখিমপুৰ –তেজপুৰ, ডিফু-হোজাই  আদি বাছ সেৱাও পুনৰ মুকলি কৰিছে বুলি জানিব পৰা গৈছে।

আজি বলাসী বাছ কেইখনৰ সেৱা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসম ৰাজ্যিক পৰিবহন নিগমে লাভ কৰা সাফল্যত তেওঁ অতিকৈ সুখী।

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লকডাউনৰ সময়ত পৰিবহন নিগমে বহু যাত্ৰীক তেওঁলোকৰ গন্তব্য স্থানলৈ যোৱাৰ ক্ষেত্ৰত কৰি দিয়া সুবিধাৰ শলাগ লয়।

উল্লেখযোগ্য কথাটো হ’ল অসম ৰাজ্যিক পৰিবহন নিগমে সম্পূৰ্ম নিজা পূঁজিৰে এই বিলাসী বাছ কেইখন ক্ৰয় কৰিছে।

এই ক্ষেত্ৰত নিগমে চৰকাৰৰ পৰা কোনো সাহায্য গ্ৰহণ কৰা নাই।অহা মাহত নিগমে পুনৰ ২০ খন এনে বাছ ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে।