অৱশেষত গা লৰিল ৰাজ্যিক পৰিবহণ নিগমৰ, কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব ইলেকট্ৰিক বাছ সেৱা
ৰাজহুৱা ধন অপচয়ৰ ক্ষেত্ৰত একপ্ৰকাৰৰ অভিলেখ গঢ়িবলৈ ওলাইছে অসম ৰাজ্যিক পৰিবহণ নিগমে।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বিশ্বনাথত ১ কোটি ৭৮ লাখ টকা ব্যয় সাপেক্ষে ইলেক্ট্ৰিক বাছ সেৱা চলিত বছৰৰ ২৫ জানুৱাৰীত উদ্বোধন কৰাৰ পিছতে অচল হৈ পৰিছিল ।
কেৱল এয়াই নহয়, বছৰ পূৰ নৌহওঁতেই ডেৰ কোটি টকাৰ অধিক ধন ব্যয়েৰে ক্ৰয় কৰা দুখনকৈ বৈদ্যুতিক বাছ চাৰ্জিঙৰ অভাৱত এতিয়া মকৰা জালেৰে ভৰি পৰিছে ।
ফলত বিশ্বনাথৰ ফলফলিত স্থাপন কৰা বৈদ্যুতিক যান-বাহন চার্জিং ষ্টেচনটোৰ পৰা দুখনকৈ বাছৰ চলাচলৰ হৈ পৰিছিল অচল।
এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে চাৰ্জিং ষ্টেচনটোত আজি উপস্থিত হয় অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় ।
অধ্যক্ষ গৰাকীয়ে ষ্টেচনৰ আন্তঃগাথঁনিৰ ক্ষয় ক্ষতিৰ বুজ লৈ পুনৰ মেৰামতিৰ নিৰ্দেশ দিয়াৰ লগতে কাইলৈৰ পৰা পুনৰ চাৰ্জিং বাছ দুখন চলিব বুলি জানিবলৈ দিয়ে ।