মহাকাশত মূলাৰ খেতি! আন্তৰ্জাতিক স্পেচ ষ্টেশ্যনৰ বিজ্ঞানীৰ চমৎকাৰ

nasa-space-radishes-exlarge-169

ফটো সৌজন্য: নাছা

অসম্ভৱ! কিন্তু সম্ভৱ কৰি তুলিলে মহাকাশ বিজ্ঞানীয়ে। আন্তৰ্জাতিক স্পেচ ষ্টেশ্যনে (ISS) এই অসম্ভৱক সম্ভৱ কৰি সকলোকে আচৰিত কৰি তুলিছে।

নাছা আৰু ফ্ল’ৰিডা চৰকাৰৰ যৌথ উদ্যোগত চলা এই স্পেচ ষ্টেশ্যনৰ মহাকাশ বিজ্ঞানী কেট ৰবিন্স আৰু তেওঁৰ দলটোৱে এই চমৎকাৰ কৰি দেখুৱাইছে।

দলটোৱে মহাকাশত মূলাৰ খেতি কৰিছে আৰু তাৰ ভিডিঅ’ টুইটাৰত প’ষ্টো কৰিছে। ভিডিঅ’টোত মহাকাশত কৰা মূলা খেতি কৰাৰ প্ৰতিটো স্তৰকেই দেখুওৱা হৈছে। কোৱা হৈছে যে ইয়াত যিমান সোনকালে মূলাৰ গছবোৰ হোৱা দেখা গৈছে দৰাচলতে সিমান সোনকালে সেয়া হোৱা নাই।

মহাকাশচাৰীসকলে ২০ডাল মূলা গছ লগোৱাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। সেইবাৰে পৃথকে কাঁচৰ পাত্ৰত ৰাখিবলগীয়া হৈছে।

তাত মাইক্ৰ’গ্ৰেভিভিটক প্ৰত্যাহ্বান জনাই কৃত্ৰি পৰিৱেশৰ সৃষ্টি কৰিবলগীয়া হৈছে। পৃথিৱীৰ পৰা লৈ যোৱা এক বিশেষ ধৰণৰ শিলাময় মাটিত মূলাৰ বীজ ৰোপন কৰা হৈছে। ব্যৱহাৰ কৰা হৈছে ৰঙা-নীলা কৃত্ৰিম পোহৰ। ইয়াৰ বাবে ভাল ফল ধৰিছে।

আনহাতে, খেতিৰ কাম নিৰীক্ষণ কৰাৰ বাবে ১৮০টা ছেন্সৰ তথা অত্যাধুনিক কেমেৰা লগোৱা হৈছিল। প্ৰায় ২০ডাল মূলাৰ গছ এইদৰে মহাকাশত লগোৱা হৈছে। সেইবোৰ এতিয়া বিশেষভাৱে পৃথিৱীলৈ আনি তাৰ গুণাগুণ তথা পৌষ্টিকতা আদি পৰীক্ষা কৰি চোৱা হ’ব।

এইখিনিতে প্ৰশ্ন হয়, মহাকাশত খেতি কৰিবলৈ মূলীকেই কিয় বাচি লোৱা হ’ল? ইয়াৰ কাৰণ মূলাৰ পুষ্টিগুণ তথা ইয়াৰ বিকাশৰ ক্ষিপ্ৰতা। মাহকে মাহ ধৰি মহাকাশত কটাবলগীয়া মহাকাশচাৰীসকলে লগত লৈ যোৱা পেকেটজাত খাদ্য সামগ্ৰীৰে চলিবলগীয়া হয়।

কিন্তু ইয়াত সমস্যা আহে। পেকেটৰ খাদ্যই শৰীৰৰ ক্ষতি কৰাৰ লগতে সেয়া এক নিৰ্দিষ্ট সময়ত শেষ হৈ যায়। সেয়ে, পুনৰ খাদ্য পঠিয়াবলগীয়া হয়।

বিজ্ঞানীসকলে এই নতুন সফলতাত উৎসাহিত হৈ পৰিছে। এতিয়া মহাকাশত হয়তো সতেজ খাদ্যৰ সোৱাদ লোৱাৰ সময়ো কাষ চাপি আহিছে।