প্ৰবল ইচ্ছাশক্তি! ১০৪বছৰীয়া বৃদ্ধ আনন্দীয়ে কৰ’নাক পৰাজিত কৰি সুস্থ হৈ উভতিল গৃহলৈ

WhatsApp Image 2020-07-06 at 7.08.08 AM

হাস্পাতলৰ পৰা উভতিছে কৰ'না জয়ী বৃদ্ধ আনন্দ ঝা।

বয়সৰ ভৰত হালি পৰা, হাতত লাঠি লৈ খোজকঢ়া ১০৪বছৰীয়া বৃদ্ধ এই ব্যক্তিগৰাকীয়ে প্ৰতিহত কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ।

প্ৰবল ইচ্ছাশক্তিৰ ফলত কোভিড-১৯ৰ বিৰুদ্ধে বিজয়ী হৈ ঘৰলৈ উভতিল মহাৰাষ্ট্ৰৰ প্ৰবীণতম ব্যক্তি আনন্দী।

নিজৰ ৪৮ বছৰীয়া পুত্ৰ মুকেশৰ হাত ধৰি হাস্পাতলৰ পৰা ঘৰলৈ উভতি আহে সুস্থ আনন্দী ঝা।

যোৱা ২৩ জুনত থানেৰ বেদান্ত হাস্পাতলত তেওঁক ভৰ্তি কৰোৱা হৈছিল। ১১দিন ধৰি চলিছিল আনন্দীৰ কৰ’নাৰ চিকিৎসা।

বিল্ডাৰ পুত্ৰ মুকেশৰ পৰাই তেওঁৰ দেহত কৰ’না সংক্ৰমণ ঘটা বুলি কোৱা হৈছে।

মুকেশৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতেই পিতৃকে ধৰি পৰিয়ালৰ সকলোৰে কৰ’না পৰীক্ষা কৰোৱা হয়।

মুকেশৰ পত্নী আৰু ভতিজাৰ বাদে আটাইৰে দেহত কৰ’না পজিটিভ ধৰা পৰে।

পিতৃ আনন্দী ঝাৰ বয়স শতবৰ্ষ অতিক্ৰম কৰালৈ চাই সকলো তেওঁক লৈ চিন্তিত আছিল। সেয়েহে, তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুকেশ আৰু তেওঁৰ তিনিগৰাকী সন্তানে হোম কোৱাৰেন্টাইনত থাকে।

বেদান্ত হাস্পাতলত বৃদ্ধ আনন্দী ঝাৰ চিকিৎসা কৰা চিকিৎসক ডাঃ মোহন ভানুশালীয়ে জানিবলৈ দিয়ে যে যদিও তেওঁৰ শৰীৰত জ্বৰ আছিল, তেওঁৰ অক্সিজেনৰ পৰিমান, ৰক্তচাপ তথা আন সকলো স্বাভাৱিক আছিল।

ইপিনে, পৰিয়ালৰ লোকে ঘৰৰ মুল মানুহজন সুস্থ হৈ উভতি অহাত স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে। শতায়ু অতিক্ৰম কৰা এই ব্যক্তিৰ কৰ’না জয়ী কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰিছে।

চিকিৎসকৰ মতে, আনন্দী ঝা এক উদাহৰণ হৈ পৰিছে। বয়সস্থ ব্যক্তিয়ে কোভিড-১৯ৰ সৈতে যুঁজ দিব নোৱাৰে বুলি থকা ধাৰণা ভুল প্ৰমাণিত কৰিলে এই বৃদ্ধ ব্যক্তিগৰাকীয়ে।

স্বাভাৱিকতে প্ৰবল ইচ্ছাশক্তিয়ে আনন্দী ঝাৰ কৰ’নাৰ বিৰুদ্ধে জয়ত বিশেষ ভূমিকা লোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে।