দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। শনিবাৰে পুৱাই তামিলনাডুৰ মাদুৰাইত এখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হয়। সেই ঘটনাত কমেও ১০ জন যাত্ৰীৰ মৃত্যু হৈছে। আনহাতে, এই অগ্নিকাণ্ডত কমেও ২০ জন লোক গুৰুতৰভাৱে আহত হৈছে।
বাতৰি অনুসৰি, জুই লগা ৰে’লখন আছিল এখন পৰ্যটন ৰে’ল। ঘটনাৰ সময়ত মাদুৰাই ৰে’ল ষ্টেচনৰ বাহিৰত পুৰণি লেনত ৰৈ আছিল। আহতসকলক মাদুৰাইৰ চৰকাৰী ৰাজাজী চিকিৎসালয়ত ভৰ্তি কৰি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।
উল্লেখ্য যে শেহতীয়াকৈ ৰে’লত একাধিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল যদিও এনেদৰে যাত্ৰীসকলৰ মৃত্যু হোৱা নাছিল।
ইয়াৰ পূৰ্বে শেহতীয়াকৈ বেংগালুৰু আৰু গোৱালিয়ৰত একেদিনাই দুখনকৈ ৰে’লত অগ্নিকাণ্ড সংঘটিত হৈছিল। বাংগালুৰু কাণ্ডত উদয়ন এক্সপ্ৰেছৰ ইঞ্জিন আৰু বি ১ আৰু বি ২ ডবাত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। ইয়াৰ পূৰ্বে শেহতীয়াকৈ স্থানীয় আপ কল্যাণী সীমান্তৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। ঘটনাৰ বাবে প্ৰায় ডেৰ ঘণ্টা ধৰি ষ্টেচনত ৰৈ আছিল ৰে’লখন। প্ৰাথমিক তদন্তৰ অন্তত জানিব পৰা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হৈছিল।
ইপিনে, যোৱা মাহত জুলাই মাহত পুনৰ বন্দে ভাৰতৰ এখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হয়। ১৭ জুলাইৰ পুৱতি নিশা মধ্যপ্ৰদেশৰ কুৰৱাই কেথোৰা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা। ভূপালৰ পৰা দিল্লীৰ হজৰত নিজামুদ্দিন টাৰ্মিনেললৈ গৈ আছিল ৰে’লখন। ৰে’লখনৰ C12 ডবাটোৰ তলত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে সেই ঘটনাতো কোনো লোক হতাহতি হোৱা নাছিল।
ভাৰতীয় ৰে’লৱেৰ তথ্য অনুসৰি ৰে’লখন ৰাণী কমলাপতি ষ্টেচনৰ পৰা ওলাই যোৱাৰ সময়তে এখন ডবাৰ বেটাৰীৰ বাকচত জুই লাগিছিল। অগ্নিনিৰ্বাপক বাহিনীৰ ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। বিষয়টোৰ পুংখানুপুংখ তদন্তৰ অন্তত ৰে’লখন পুনৰ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয়।
আনহাতে,, ছেকেণ্ডৰাবাদ অভিমুখী ফাল্কনুমা এক্সপ্ৰেছৰ এটা এ চি কম্পাৰ্টমেণ্টত পূৰ্বে জুই লাগিছিল। যদিও এই ঘটনাত কোনো লোক আহত হোৱা নাছিল, তথাপিও আতংকিত হৈ পৰিছিল যাত্ৰীসকল। সেই ৰে’লখন হাওৰাৰ পৰা ওলাই আহিছিল। প্ৰথমে যান্ত্ৰিক বিঘিনিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছিল। জানিব পৰা মতে, ছেকেণ্ডৰাবাদ ষ্টেচনৰ প্ৰায় ওচৰ পাইছিলফাল্কনুমা এক্সপ্ৰেছ। গন্তব্য স্থান পাবলৈ কেইমিনিটমান বাকী থকাৰ সময়তে এচি ৰুমৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল।