বিহাৰৰ মুজাফৰপুৰত মোদী নুডলছ ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ; নিহত কমেও ১০জন

rayan_261221_Fire

দেওবাৰে পুৱাই বিহাৰৰ মুজাফৰপুৰৰ ঔদ্যোগিক অঞ্চলত মোদী কুৰকুৰি-নুডলছ ফেক্টৰীত এটা বয়লাৰ বিস্ফোৰণ ঘটি কমেও ১০জন লোক নিহত হৈছে। এই ঘটনাত আন বহুলোক আহত হয়।

ফেক্টৰীটোৰ আশেপাশে থকা লোকো বিস্ফোৰণত আহত হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ঘটনাস্থলীত স্থানীয় সাংসদকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত হয়। সূত্ৰসমূহৰ মতে বয়লাৰ বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় ৫কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল।

Also Read: Salman Khan Bitten by Snake মাজনিশা সৰ্প দংশনত অসুস্থ চলমান খানক হাস্পাতালত ভৰ্তি

ঘটনাস্থলীত ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ উদ্ধাৰকাৰ্য চলায়। দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ফেক্টৰীটোত কৰ্মৰত কৰ্মচাৰীসকলৰ আত্মীয়সকলে তেওঁলোকৰ পৰিয়ালৰ লোকসকলক বিচাৰি ঘটনাস্থলীত উপস্থিত হয়।

প্ৰশাসনৰ বিষয়াসকলে লোকসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই। ইপিনে ঘটনাস্থলীত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে। আহতসকলক উদ্ধাৰ কৰি হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।