প্ৰকৃতিৰ তাণ্ডৱ! ধাৰাসাৰ বৰষুণৰ ফলত ছাদ আৰু দেৱাল খহি পৰি কমেও ১২ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ বহুকেইটা স্থানত ধাৰাসাৰ বৰষুণ হৈছে। লক্ষ্ণৌত দেৱাল খহি পৰাত কমেও ৯ জন লোকৰ মৃত্যু ঘটিছে। সেইদৰে, উন্নাওৰ এটা ঘৰৰ ছাদ খহি পৰাত তিনিজন লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰে লক্ষ্ণৌৰ দিলখুছ অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত এখন দেৱাল খহি পৰি ৯ জন লোকৰ মৃত্যু ঘটে। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু এটি শিশুও আছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

লগতে পঢ়ক: স্বামী আগতে মহিলা আছিল! বিয়াৰ আঠ বছৰ পিছত ৰহস্য জানিব পাৰি আৰক্ষীত অভিযোগ পত্নীৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত শোক ব্যক্ত কৰিছে। তেওঁ জ্যেষ্ঠ বিষয়াসকলক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

ফটো: সংগৃহিত।

ইপিনে, শুকুৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ ফলত উন্নাওত এটা ঘৰৰ ছাদ খহি পৰাত দুজন নাবালকসহ তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাত এজন আহত হয়।

ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ প্ৰদেশত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক: আঠ দিন ধৰি ঘৰত বন্দী কৰি ৰাখি মহিলাক ধৰ্ষণ! পুনৰ অভিযোগৰ কেন্দ্ৰ উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশৰ ঝান্সি, ওৰাই, লক্ষ্ণৌ, কানপুৰ, বাহৰাইচকে ধৰি কেইবাখনো জিলাত বিগত ২৪ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। পৰৱৰ্তী দুদিনৰ বাবে বৰেলি, পিলিভিট, শ্বাহজাহানপুৰ, হাৰদৈ, সীতাপুৰ, কানপুৰ আৰু প্ৰয়াগৰাজত অধিক বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে।