মধ্য মেক্সিক’ৰ গুয়ানাজুয়াটো প্ৰদেশত প্ৰাক্ খ্ৰীষ্টমাছ উদযাপনৰ এটা পাৰ্টি চলি থকাৰ সময়ত সশস্ত্ৰ দলৰ আক্ৰমণত ১২ জন লোক নিহত হৈছে। এই ঘটনাত আন ১০ জন লোক আহত হৈছে। দেওবাৰে মেক্সিকান কৰ্তৃপক্ষই এই তথ্য প্ৰকাশ কৰে।
স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা মতে, পুৱাৰ ভাগত ছালভাটিয়েৰা চহৰত প’ছাডা নামৰ পৰম্পৰাগত মেক্সিকান পাৰ্টিত উপস্থিত থকা লোকসকলৰ ওপৰত এটা বন্দুকধাৰী গোটে গুলীচালনা কৰে।
লগতে পঢ়কঃ চীনত শক্তিশালী ভূমিকম্প; শতাধিক লোকৰ মৃত্যু, আহত বহুলোক
বিষয়াসকলে জনোৱা মতে, প’ছাডাত অংশগ্ৰহণ কৰা পাৰ্টিৰ অতিথিসকলৰ ওপৰত এটা সশস্ত্ৰ গোটে গুলীচালনা কৰে। পৰম্পৰাগত মেক্সিকান পাৰ্টিসমূহে বৰদিনৰ আগৰ দিনকেইটাত এনে অনুষ্ঠান অনুষ্ঠিত কৰে।
তাত থকা এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া এক্সত প্ৰকাশ কৰিছে যে ১২ জন লোকক হত্যা কৰা হৈছে। অৱশ্যে মৃত লোকসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
উক্ত পাৰ্টিটোত ৪০ জন লোক উপস্থিত আছিল। মৃতসকলৰ বয়স ১৭ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হব বুলি কোৱা হৈছে।
লগতে পঢ়কঃ এদিনতে নিলম্বিত ৭৮জন সাংসদ; আজি বিৰোধী সংসদীয় নেতাৰ সৈতে বৈঠকত বহিব কংগ্ৰেছ সভাপতি খাৰ্গে
গুয়ানাজুয়াটো প্ৰদেশখন অটোমোটিভ আৰু এৰ’নটিক্স উদ্যোগৰ বাবে পৰিচিত। কিন্তু শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ীসকলে ইয়াক মেক্সিকোৰ আটাইতকৈ হিংসাত্মক প্ৰদেশ হিচাপে গঢ়ি তুলিছে।