• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তীব্ৰ গতিৰে চলিছিল দৰাযাত্ৰীৰ বাছখন, হঠাৎ চৰকাৰী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ; কমেও ১২ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2023 2:09 pm
ফটো সৌজন্য : টুইটাৰ।

ফটো সৌজন্য : টুইটাৰ।

5k
VIEWS
Share on FacebookShare on Twitter

মাজনিশা আন্ধাৰৰ মাজেৰে বাছখন চলিছিল। হঠাৎ ভয়ংকৰ দুৰ্ঘটনা। দুখন বাছৰ মুখামুখি সংঘৰ্ষ। খুন্দা মৰাৰ লগে লগে ছিটিকি পৰিল যাত্ৰীসকল, দুয়োখন বাছ ভাঙি ছিঙি চূৰমাৰ। দুৰ্ঘটনাটোত কমেও ১২ জন লোকৰ মৃত্যু হয়। আহত হয় আন বহু যাত্ৰী।

ওড়িশাৰ গঞ্জাম জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। প্ৰশাসনে জনোৱা মতে, আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে এমকেচিজি মেডিকেল কলেজ আৰু বেহৰমপুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

জানিব পৰা মতে, দেওবাৰে মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনা। ওড়িশা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় এখন ব্যক্তিগত বাছ। নিশা প্ৰায় এক বজাত বাছ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

আনহাতে, চৰকাৰী বাছখনৰ যাত্ৰীসকল সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে ব্যক্তিগত বাছখনৰ অধিক ক্ষতিসাধন হয়। সেই বাছখনত কমেও ১০ৰ পৰা ১২জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ৬ জন। আহত এজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। তেওঁক কটকৰ এছ চি বি মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হৈছে।

বেৰহামপুৰৰ আৰক্ষী অধীক্ষক সৰ্বানা বিবেকে কয় যে ৰায়গড়ৰ পৰা ভুৱনেশ্বৰলৈ আহিছিল ওড়িশা ৰাজ্যিক পথ পৰিবহণৰ বাছখন। আনহাতে, খাণ্ডাদেউলি গাঁৱৰ বিবাহ অনুষ্ঠানৰ পৰা বেৰহামপুৰলৈ উভতি আহিছিল ব্যক্তিগত বাছখন। প্ৰাথমিক তদন্ত অনুসৰি বাছ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে দুয়োখন বাহন কেনেকৈ মুখামুখি হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বাছ দুৰ্ঘটনাত আহতসকলক ৩০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰশাসনে।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd