NORTHEAST NOW (Assamese)

ভয়ানক বান আৰু ভূমিস্খলন : ১২০ লৈ বৃদ্ধি মৃত্যু হোৱাৰ লোকৰ সংখ্যা

December 14, 2022 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 14, 2022 8:38 pm

মধ্য আফ্ৰিকাৰ দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ৰাজধানী কিনছাছাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত ১২০ জন লোকৰ মৃত্যু হৈছে।

প্ৰথম অৱস্থাত এই সংখ্যা ৫০ জন বুলি কোৱা হৈছিল যদি শেহতীয়া খবৰ অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১২০ গৰাকী বুলি জানিব পৰা গৈছে। কংগোৰ স্বৰাজ মন্ত্ৰালয়ৰ অংশ জেনেৰেল মেনেজমেণ্ট অৱ মাইগ্ৰেচনে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে।

কিনছাছা চহৰৰ আশে-পাশে থকা অঞ্চলসমূহ ধাৰাসাৰ বৰষুণৰ ফলত বোকাময় পানীৰে বুৰ গৈছে। পানীৰ ধাৰাল সোঁতত বাট-পথ ছিঙি যোৱাৰ বাবে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। বন্ধ হোৱা পথসমূহৰ ভিতৰত আছে এন ১ ঘাইপথ, যিয়ে কিনছাছাক মূল সাগৰীয় বন্দৰ মাটাদিৰ সৈতে সংযোগ কৰে।

উল্লেখ্য যে চাৰিদিন পৰ্যন্ত পথটো বন্ধ হৈ থাকিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নাগৰিক সকলক এক বিবৃতিযোগে জানিবলৈ দিছে।

স্বাস্থ্য মন্ত্ৰী জিন জেক ম্বুংগি ম্বাণ্ডাই ৰয়টাৰ্ছক জনোৱা মতে তেওঁৰ মন্ত্ৰালয়ে ১৪১ জন লোকৰ মৃত্যুৰ সংখ্যা গণনা কৰিছে। কিন্তু অন্য শ্ৰেণীৰ গণনা কৰা সংখ্যাৰ সৈতে ক্ৰছ-চেক কৰিব লাগিব।

 

Related News