উন্মাদ অনুৰাগী! ফুটবল খেলত দুই পক্ষৰ সমৰ্থকৰ মাজৰ সংঘৰ্ষত নিহত কমেও ১২৯ জন

At least 129 people dead after riot ইণ্ডোনেছিয়াত এখন ঘৰুৱা ফুটবল খেলত দুইপক্ষৰ সমৰ্থকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত কমেও ১২৯ জন লোক নিহত হৈছে। ঘটনাটোত আন ১৮০ জন লোক আহত হয়। পূব জাভা প্ৰদেশৰ আৰক্ষীয়ে ঘটনাটোৰ কথা নিশ্চিত কৰিছে।

বাতৰি অনুসৰি, ইণ্ডোনেছিয়াত দুটা ফুটবল দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষ ঘটে। এই সংঘৰ্ষৰ ফলত দুজন আৰক্ষী বিষয়া আৰু ১২৬ জন দৰ্শক (অনুৰাগী) নিহত হয়।

ইণ্ডোনেছিয়াৰ প্ৰিমিয়াৰ লীগৰ এখন খেলত পাৰ্চেবায়াই আৰেমা মালাঙক ৩-২ গ’লত পৰাস্ত কৰে। ষ্টেডিয়ামত দুয়োটা দলৰ সমৰ্থকৰ মাজত কেইবাটাও পৰ্যায়ত সংঘৰ্ষ ঘটে। যেতিয়া আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে তেতিয়া সমৰ্থকসকলৰ মাজত আতংক  বিয়পি পৰে।

পূব জাভা আৰক্ষী প্ৰধান নিকো আফিণ্টাই কয় যে শ শ দৰ্শকে কন্দুৱা গেছৰ পৰা পৰিত্ৰাণ পাবলৈ ষ্টেডিয়ামৰ প্ৰস্থান দ্বাৰেৰে বাহিৰলৈ ওলাবলৈ দৌৰা দৌৰি কৰে। ইয়াতেই কিছুমানৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় আৰু আন কিছুমানৰ পদপিষ্ট হৈ মৃত্যুমুখত পৰে।

কমেও ৩০০ জন লোকক খেলপথাৰৰ সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়লৈ যোৱাৰ পথত বহুতৰ মৃত্যু ঘটে। আনহাতে, চিকিৎসাধীন অৱস্থাতো কিছু লোকৰ মৃত্যু হয়। ঘটনাটোৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰা হৈছে।