মৰ্মান্তিক! দুখন বাছৰ মুখামুখি সংঘৰ্ষত নিহত ১৪ জন যাত্ৰী

Accident

Accident by car driving.

আজি পুৱা ইজিপ্তৰ ছিনাই উপদ্বীপত সংঘটিত হৈছে এক মৰ্মান্তিক বাছ দুৰ্ঘটনা। তীব্ৰ গতিৰ দুখনকৈ বাছৰ মুখামুখি সংঘৰ্ষৰ সদত ১৪ জন লোক নিহত হোৱাৰ লগতে কমেও ১৭ জন লোক আহত হৈছে।

ৰাজধানী কায়ৰোৰ পৰা শৰ্ম এল-শ্বেখৰ লোহিত সাগৰৰ পৰ্যটন ৰিজৰ্টলৈ গৈ থকা বাছখনে আন এখন মিনিবাছত খুন্দা মাৰে। ৰাতিপুৱা কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় আৰক্ষী বিষয়া সকলে জানিবলৈ দিয়ে।

কায়ৰোৰ দক্ষিণ-পূবত প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত দক্ষিণ ছিনাইৰ এল-টৰৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে এল-টৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য যে ইজিপ্তৰ ভ্ৰমণ দুৰ্ঘটনাই দেশখনত এক ভয়ানক ৰূপ ধাৰণ কৰিছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২০ চনত দেশৰ পথত এনে দুৰ্ঘটনাৰ ফলত প্ৰায় ৭,০০০ লোক নিহত হৈছিল।