ম্যানমাৰ আৰক্ষীৰ ওপৰত কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিৰ আক্ৰমণ : ২০ৰো অধিক জোৱান নিহত

kia_0

সামৰিক শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত উত্তাল হৈ থকা ম্যানমাৰৰ আৰক্ষীৰ চাৰিটা বেটেলিয়নৰ ওপৰত দক্ষিণ পূৱ এছিয়াৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিয়ে আক্ৰমণ সংঘটিত কৰিছে।

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰিত সেনা অভ্যুত্থানৰ যোগেদি জুণ্টাই ম্যানমাৰৰ শাসন হস্তগত কৰাৰ দিনাৰ পৰাই দেশখনত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত নিৰস্ত্ৰ ম্যানমাৰী জনতাই বিশাল গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিছে। ম্যানমাৰ সেনাই নিৰ্মমভাৱে গুলীচালনা কৰি শিশুসহ ৪০০ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যাও কৰিছে।

তেনে সময়তে খবৰ আহিছে যে ম্যানমাৰে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰা কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মি(KIA)এ ম্যানমাৰ আৰক্ষীৰ বেটলিয়নৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে।

ম্যানমাৰৰ স্থানীয় সংবাদ সংস্থা ম্যানমাৰ নাওৰ বাতৰি অনুসৰি কাচিনৰ অন্তৰ্গত হপকান্টৰ চহৰ এলেকাত যোৱা দেওবাৰে KIAএ ম্যানমাৰ আৰক্ষী বেটলিয়নৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।

KIAৰ এই অতৰ্কিত আক্ৰমণত ম্যানমাৰ আৰক্ষীৰ বেটেলিয়নৰ ২০ জনৰো অধিক জোৱানৰ মৃত্যু হৈছে বুলি দাবী কৰিছে স্থানীয় সূত্ৰই।

ম্যানমাৰ নাও-এ স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে হপাৱা গাঁৱত KIAৰ গুলীচালনাত ২০ৰো অধিক জোৱানৰ মৃত্যু হৈছে আৰু অস্ত্ৰসমূহ জব্দ কৰিছে KIA-এ।

“বেটেলিয়নটোত থকা মাত্ৰ দুজন জোৱানহে পলাই যাবলৈ সক্ষম হৈছিল। এজন কামাণ্ডাৰসহ বাকী জোৱানসকলৰ আক্ৰমণত মৃত্যু হৈছিল।” স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে ম্যানমাৰ নাও-এ কয়।

ইফালে ২৮ মাৰ্চত চানখাৰ হপৱাটাক গাঁৱৰ সমীপত আন এটা আৰক্ষী বেটিলিয়ননৰ ওপৰতো আক্ৰমণ সংঘটিত কৰে KIA-এ। পুৱা ৩ বজাত KIA-এ বেটেলিয়নটোৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে।

তিনিঘণ্টা জুৰি চলা এই আক্ৰমণৰ পিছত KIAএ আৰক্ষী বেটেলিয়নটোৰ সমগ্ৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি লৈ যায়। এই সংৰ্ঘষত কিমানগৰাকী বেটেলিয়নৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই।

আনহাতে যোৱা ২৫ মাৰ্চত দাউফোনেইয়াঙত আৰু ২৭ মাৰ্চত খাৰাগনত KIAএ ম্যানমাৰৰ জুণ্টা আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল।

উল্লেখ্য যে যোৱা দেওবাৰে KIAৰ ৮ নং বিগ্ৰেডে এক বিবৃতিৰ যোগে জুণ্টাক ম্যানমাৰৰ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত সেনা আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাই ম্যানমাৰৰ একনায়কত্ববাদী শাসকৰ বিৰুদ্ধে যুঁজ কৰিব বুলি ঘোষণা কৰিছিল।

ইফালে ম্যানমাৰ দক্ষিণাঞ্চলৰ বিদ্ৰোহী সংগঠন কাৰেন নেশ্যনেল ইউনিয়ন(KNU)ও জুণ্টাৰ শাসন বিৰোধিতা কৰাৰ লগতে সংগঠনটোৰ অধীকৃত অঞ্চলত ম্যানমাৰৰ সেনাৰ অৱস্থিতিক আপত্তি কৰিছে।

যোৱা ২৭ মাৰ্চত KNUৰ সশস্ত্ৰ গোট কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মি(KNLA)এ জুণ্টাৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰি অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়া বুলি প্ৰকাশ পাইছে। অৱশ্যে KNLAৰ আক্ৰমণত কিমান ম্যানমাৰী সৈনিকৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই।

আনহাতে KNLAৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত KNUৰ অধ্যুষিত অঞ্চলত জুণ্টাই বায়ু সেনাৰ বিমানেৰে আক্ৰমণ কৰে।

সংবাদ সংস্থা ৰয়টাৰ-এ কাৰেন মহিলা সংগঠনৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে এই আক্ৰমণত তিনিগৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে ৮ গৰাকী লোক আহত হৈছিল আৰু অতি কমেও ৩ হাজাৰ লোক ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি থাইলেণ্ডলৈ পলয়ান কৰিছিল।