Gujarat Hooch Tragedy গুজৰাটৰ কেইবাটাও অঞ্চলত বিষাক্ত সুৰাপানৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে। আন ৩০ জনৰো অধিক গুৰুতৰভাৱে আক্ৰান্ত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ বহুতৰে অৱস্থা সংকটজনক বুলি কোৱা হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।
মঙলবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকসকলৰ বেছিভাগেই শ্ৰমিক বা দিন হাজিৰা কৰা লোক।
ইপিনে, ‘ড্ৰাই ষ্টেট’ (সুৰা বিক্ৰী নিষিদ্ধ) হিচাপে ঘোষণা কৰা গুজৰাটত বিষাক্ত সুৰাৰ ফলত হোৱা মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।
লগতে পঢ়ক: Droupadi Murmu: প্ৰকৃত নাম দ্ৰৌপদী নহয়! নিজেই সদৰী কৰিলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতিয়ে
সোমবাৰে ৰাজ্যখনত বিষাক্ত সুৰাপানৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হয়। তদুপৰি বোটাড, ভাৱনগৰ আৰু আহমেদাবাদ চিকিৎসালয়ত ৩০ জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে বহুতৰ অৱস্থা সংকটজনক।
বাতৰি মতে, গুজৰাটৰ আহমেদাবাদ আৰু বোটাড জিলাৰ কেইবাখনো গাঁৱত বিষাক্ত সুৰাপানৰ ফলত এই মৃত্যুৰ ঘটনা ঘটে। এই অঞ্চলসমূহৰ কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাসকল গাওঁত নকল সুৰা বিক্ৰী কৰাত জড়িত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: CBI Busts Racket: ১০০ কোটিৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ বা ৰাজ্যপালৰ পদ; চিবিআইৰ জালত ভুৱা চক্ৰৰ ৪জন
গুজৰাট চৰকাৰে সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যখনৰ এজন উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰা হৈছে।
স্বাভাৱিকতে ‘ড্ৰাই ষ্টেট’ ঘোষিত ৰাজ্যখনত গোপনে নকল সুৰাৰ বিক্ৰীৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।