DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CBI Busts Racket: ১০০ কোটিৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ বা ৰাজ্যপালৰ পদ; চিবিআইৰ জালত ভুৱা চক্ৰৰ ৪জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2022 9:48 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

253
VIEWS
Share on FacebookShare on Twitter

CBI Busts Racket that offers Rajya Sabha Seat or Governorship শুনি আচৰিত লাগিলেও সঁচা ঘটনা। আপুনি ধনৰ বিনিময়ত চাকৰি দিয়া চক্ৰৰ বিষয়ে নিশ্চয় শুনিছে। কিন্তু ধনৰ বিনিময়ত ৰাজ্যসভাৰ আসন বা কাৰোবাক ৰাজ্যপাল বনোৱা চক্ৰৰ বিষয়ে নিশ্চয় শুনা নাই। চিবিআইয়ে তেনে এটা চক্ৰ ধৰা পেলাই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

চিবিআইৰ সূত্ৰই প্ৰকাশ কৰিছে যে ১০০ কোটি টকাৰ বিনিময়ত ৰাজ্যপাল আৰু ৰাজ্যসভাৰ সদস্য কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। চিবিআইৰ দ্বাৰা তেনে এটা চক্ৰই ধৰা পৰিছে। এই চক্ৰটোৱে দেশৰ বিভিন্ন ৰাজ্যত তেওঁলোকৰ কাম চলাই আছিল।

লগতে পঢ়ক: Mizoram: দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত মিজোৰামৰ একমাত্ৰ বিজেপি বিধায়ক সহ ১৩ গৰাকীক ১ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

চিবিআইয়ে ইয়াৰ এজাহাৰত উল্লেখ কৰিছে যে মহাৰাষ্ট্ৰৰ লাতুৰৰ কমলাকৰ প্ৰেমকুমাৰ, কৰ্ণাটকৰ বেলগামৰ ৰবীন্দ্ৰ নায়ক, দিল্লীৰ মহেন্দ্ৰ পাল আৰোৰা, অভিষেক বুৰা আৰু মহম্মদ ইজাজ খান এই চক্ৰটোত জড়িত আছিল।

চিবিআইয়ে দাবী কৰে যে কমলাকৰ প্ৰেমকুমাৰে নিজকে চিবিআই বিষয়া হিচাপে পৰিচয় দিছিল। তেওঁ আৰোৰা, বুৰা আৰু ইজাজ খানক কৈছিল যে যদি কোনো কাম বন্ধ হৈ থাকে তেন্তে তেওঁৰ ওচৰলৈ আনিলেই হ’ল। ৰাজ্যসমূহৰ পৰা দিল্লীলৈকে তেওঁৰ সকলোতে হাত আছে। সকলো সমাধান হৈ যাব মাত্ৰ ইয়াৰ বাবে ধন খৰচ কৰিব লাগিব।

চিবিআই বিষয়া আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰি তেওঁলোকে তেওঁলোকৰ প্ৰস্তাৱবোৰ ধনাঢ্য লোকসকলৰ ওচৰলৈ লৈ গৈছিল। কোৱা হৈছিল যে যদি তেওঁলোকে ধন খৰচ কৰে তেতিয়া তেওঁলোকে যিকোনো চৰকাৰী সংস্থাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সাংসদ আৰু আনকি ৰাজ্যপালো বনাব পাৰে। তেওঁলোকে আনকি ৰাজ্যসভাৰ সাংসদ কৰাবলৈ ১০০ কোটি টকালৈকে দাবী কৰিছিল।

লগতে পঢ়ক: নাবালিকাৰ পৰ্ণ ভিডিঅ’ৰ বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হ’ল নিউজ চেনেলৰ ২ সাংবাদিক

চিবিআইৰ ওচৰত তথ্য আছিল যে যদি কোনোবাই তেওঁলোকৰ ওচৰলৈ কোনো কামৰ বাবে আহে তেন্তে ৰাজ্য বা কেন্দ্ৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী-আমোলাৰ নাম ব্যক্তিজনক কোৱা হয়। কোৱা হৈছিল যে অভিষেক বুৰাৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ কৰি দিয়া হ’ব।

আনকি জানিব পৰা মতে স্বয়ম্ভু চিবিআই বিষয়া কমলাকৰ প্ৰেমকুমাৰে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলকো দাবী-ধমকি দি কামবোৰ আদায় কৰিছিল। কিন্তু শেষ ৰক্ষা নহ’ল। চিবিআইয়ে কেইবাখনো ৰাজ্যত অভিযান চলাই চক্ৰটোৰ চাৰিজনক আটক কৰে।

Recent News

Salman Rushdie

নিউয়ৰ্কত চুৰিকাঘাত প্ৰখ্যাত লেখক চলমান ৰুশ্বডিক

Assam Terrorist

অসমত ধৰ্মীয় সন্ত্ৰাসবাদীৰ ঘাটি

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

সামাজিক সংকীৰ্ণতাৰ বলি অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহ গাঁতৰ পৰা উলিয়াই সৎকাৰ

সামাজিক সংকীৰ্ণতাৰ বলি অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহ গাঁতৰ পৰা উলিয়াই সৎকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd