• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2023 10:35 am
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সপ্তাহত ম্যানমাৰত তিনিজন বৌদ্ধ ভিক্ষুসহ কমেও ২২ জন লোকক গুলীয়াই হত্যা কৰা হৈছিল। সামৰিক শাসনৰ বিৰোধীসকলে হত্যাৰ বাবে সামৰিক বাহিনীক দোষাৰোপ কৰিছে। শনিবাৰে এই ঘটনাৰ খৱৰ পোহৰলৈ আহিছে।

ম্যানমাৰৰ সামৰিক জুন্টাৰ এজন মুখপাত্ৰই কয় যে দেশখনৰ দক্ষিণ শান ৰাজ্যৰ পিনলাউং অঞ্চলত বিদ্ৰোহীসকলৰ সৈতে সামৰিক বাহিনীৰ সংঘৰ্ষ হৈছিল। মুখপাত্ৰ জাও মিন টুনে অৱশ্যে এই সংঘৰ্ষত কোনো অসামৰিক লোকৰ হতাহত হোৱাৰ কথা অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: চীনৰ সীমান্ত আন্তঃগাঁথনি উন্নয়ন দ্ৰুত গতিত অব্যাহত আছে: জেনেৰেল মনোজ পাণ্ডে

এক বিবৃতিত টুনে দাবী কৰিছে যে জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিবলৈ সেনা উপস্থিত হোৱাৰ পিছত নান নিয়ান্ট গাঁৱত কাৰেন্নি নেচনেলিটিজ ডিফেন্স ফ’ৰ্চ (কেএনডিএফ) আৰু আন এটা বিদ্ৰোহী গোটৰ সদস্যসকলে আক্ৰমণ কৰে। তেওঁ কয় যে “যেতিয়া সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছিল তেতিয়া কিছুমান গাওঁবাসী নিহত হোৱাৰ লগেত আন বহুলোক আহত হৈছিল।”

ইপিনে, কেএনডিএফৰ এজন মুখপাত্ৰই কয় যে ইয়াৰ যোদ্ধাসকলে দেওবাৰে নান নিয়ান্ট গাঁৱত প্ৰৱেশ কৰিছিল আৰু এটা বৌদ্ধ মন্দিৰত মৃতদেহবোৰ সিঁচৰতি হৈ থকা দেখিছিল।

কেএনডিএফ আৰু আন এটা বিদ্ৰোহী গোট কাৰেনি ৰিভলিউচন ইউনিয়নে কিছুমান ভিডিঅ’ আৰু ছবি মুকলি কৰিছে। তাত মৃতদেববোৰৰ শৰীৰ আৰু মূৰত গুলীৰ চিহ্নৰ লগতে মন্দিৰৰ দেৱালতো গুলীৰ চিহ্ন দেখা গৈছে।

লগতে পঢ়ক:সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা ৰাজ্যৰ এজন লোকক ২৫ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

বাতৰিসমূহৰ মতে কোনো পক্ষৰে দাবী নিৰপেক্ষভাৱে প্ৰমাণিত কৰিব পৰা হোৱা নাই।

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ হিচাপে পৰিচিত ম্যানমাৰৰ জুন্টা চৰকাৰৰ বিৰোধিতা কৰা ছায়া চৰকাৰৰ সদস্য ড০ য়ে জাৱে মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। তেওঁ সদৰী কৰা তথ্যমতে লোকসকলক অতি ওচৰৰ পৰা ছেমি অটোমেটিক অস্ত্ৰৰে গুলীয়াই হত্যা কৰা হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে “মৃতদেহবোৰৰ ওচৰত কোনো সামৰিক পোছাক, অস্ত্ৰ বা গুলী পোৱা নগ’ল। গতিকে, এইটো ধৰি ল’ব পাৰি যে তেওঁলোক অসামৰিক লোক।”

প্ৰতিবেদনত কোৱা হৈছে যে মৃতসকলৰ তিনিজনে বৌদ্ধ ভিক্ষুসকলৰ গেৰুৱা পোছাক পিন্ধিছিল। প্ৰতিবেদনখনে লগতে কোৱা হৈছে “যিহেতু নান নিন মন্দিৰৰ চৌহদৰ ভিতৰত সকলো মৃতদেহ পোৱা গৈছিল, সেয়েহে এইটো এটা নিৰ্বিচাৰ হত্যাকাণ্ড বুলি ধৰি ল’ব পাৰি।”

লগতে পঢ়ক:ট্ৰ’লৰ সন্মুখীন দেশৰ মুখ্য ন্যায়াধীশ! ক্ষিপ্ৰ পদক্ষেপ বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিলে বিৰোধীয়ে

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ মানৱ অধিকাৰ মন্ত্ৰী অং মিঅ মিনে কয় যে সামৰিক জুন্টাই যোৱা দুসপ্তাহত নিৰস্ত্ৰ নাগৰিকসকলৰ ওপৰত এনেধৰণৰ কমেও চাৰিটা আক্ৰমণ চলাইছিল। তেওঁ এখন অনলাইন সংবাদ সন্মিলনত কয়, “এয়া স্পষ্ট যে জুন্টাই অসামৰিক লোকসকলক লক্ষ্য কৰি লৈছে, যিটো মানৱতাৰ বিৰুদ্ধে অপৰাধ।”

অৱশ্যে, জুন্টা চৰকাৰে সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰে আৰু এই অভিযানক “সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান” বুলি অভিহিত কৰে।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী; কি প্ৰতিক্ৰিয়া মস্কোৰ?

ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd