গাজাৰ মছজিদত বিমান আক্ৰমণ চলালে ইজৰাইলে, কমেও ২৪ জন লোকৰ মৃত্যু

ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ বাহিনীয়ে পেলেষ্টাইনৰ গাজাৰ এটা মছজিদত বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণত কমেও ২৪ জন লোক নিহত হয়।

বাতৰি অনুসৰি, গাজাৰ ডেইৰ-এল-বালাহ অঞ্চলৰ আল-আকছা মাৰ্টিয়াৰছ চিকিৎসালয়ৰ কাষৰ ছাহদা আল-আকছা মছজিদত এই বিমান আক্ৰমণৰ ঘটনা সংঘটিত হয়।

বছৰজোৰা ৰক্তাক্ত যুদ্ধৰ ফলত স্থানচ্যুত হোৱা বহু পেলেষ্টাইনী লোকে মছজিদটোত আশ্ৰয় লৈ আছিল।

এটা এক্স (টুইটাৰ) মেছেজত ইজৰাইলৰ সেনাই কয় যে হামাছে ডেইৰ-এল-বালাহ অঞ্চলৰ চাহদা আল-আকছা মছজিদক নিজৰ অভিযানৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছে।

লগতে পঢ়কঃ শ্বৰ্ট চাৰ্কিটৰ ফলত বিধ্বংসী অগ্নিকাণ্ড, শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ জনৰ

এক্স বাৰ্তাটোত কোৱা হৈছে যে এই কেন্দ্ৰটোক হামাছে ‘কমাণ্ড এণ্ড কন্ট্ৰোল কমপ্লেক্স’ হিচাপে ব্যৱহাৰ কৰি আছিল। সেয়ে বোমা আক্ৰমণ চলোৱা হৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিয়া হোৱা নাই।

সোমবাৰে (৭ অক্টোবৰ) ইজৰাইলৰ ওপৰত হামাছে অভূতপূৰ্ব আক্ৰমণ চলোৱাৰ এবছৰ সম্পূৰ্ণ হ’ব। এই আক্ৰমণৰ বাবে পেলেষ্টাইনৰ গাজাত ইজৰাইলে জাপি দিয়া যুদ্ধ এতিয়াও চলি আছে। তাৰ মাজতে মধ্যপ্ৰাচ্যৰ অন্যান্য প্ৰান্ততো যুদ্ধ বিয়পি পৰিছে।