NORTHEAST NOW (Assamese)

পাকিস্তানৰ পেছোৱাৰত নামাজৰ সময়তে মছজিদত বিস্ফোৰণ,নিহত কমেও ৩০ জন লোক

March 4, 2022 3:40 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 4, 2022 3:42 pm

বিগত কিছুদিন ধৰি শান্ত হৈ থকা পাকিস্তানক আজি কঁপাই গ’ল এক ভয়ংকৰ বোমা বিস্ফোৰণে।

আজি শুকুৰবৰীয়া নামাজৰ সময়তে দেশ খনৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত পেছোৱাৰ চহৰৰ এটা মছজিদত সংঘটিত হয় বিস্ফোৰণটো।

এই বিস্ফোৰণত কমেও ৩০ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাটোত আন ৫৬ জন লোক আহত হৈছে।

পেছোৱাৰৰ লেডী ৰিডিং হস্পিটেলৰ মুখপাত্ৰ মহম্মদ আছিম খানে প্ৰকাশ কৰা মতে আহতসকলৰ মাজৰে কেইবাজনৰো অৱস্থা অতি সংকটজনক।

নামাজৰ সময়তে কোনে মছজিদটোত বিস্ফোৰণ সংঘটিত কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

কোনো সংগঠনেও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Related News