• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানত ৰাজনৈতিক সভাত বোমা বিস্ফোৰণত কমেও ৪০ জনৰ মৃত্যু; আহত ১৫০জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 7:25 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

236
VIEWS
Share on FacebookShare on Twitter

এখন ৰাজনৈতিক সভা চলি আছিল। মঞ্চত স্থানীয় এজন নেতাই ভাষণ দি আছিল। হঠাৎ প্ৰচণ্ড বিস্ফোৰণেৰে সমগ্ৰ অঞ্চলটো কঁপি উঠে। এই ঘটনাত ৪০ জন লোকৰ মৃত্যু হয়। শ শ লোক গুৰুতৰভাৱে আহত হয়। দেওবাৰে বিয়লি পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত হয় এই ঘটনা। এই বিস্ফোৰণৰ আঁৰত উগ্ৰপন্থী জড়িত বুলি অভিযোগ উত্থাপন হৈছে। বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে এই ঘটনাক গৰিহণা দিছে।

ৰাজনৈতিক সভাত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত খাইবাৰ পখতুনখোৱাৰ আই জি আখতাৰ হায়াত গণ্ডাপুৰে কয় যে ‘’এজন জ্যেষ্ঠ নেতাই ভাষণ দিয়াৰ কথা আছিল। কিন্তু, তেওঁ গৈ পোৱাৰ আগতেই বিস্ফোৰণটো ঘটিছিল।”

বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰাদেশিক স্বাস্থ্য মন্ত্ৰী ৰিয়াজ আনোৱাৰে কয় যে, চিকিৎসালয়খনত ৪০টা মৃতদেহ আছে। ইয়াৰ উপৰিও ১৫০ জন লোক আহত হয়। ইয়াৰে ১৭ জনৰ অৱস্থা সংকটজনক।”

স্থানীয় সূত্ৰ অনুসৰি, চলিত বছৰতে নিৰ্বাচন আছে। সেই নির্বাচনৰ প্রচাৰৰ উদ্দেশ্যে দেওবাৰে আফগানিস্তান সীমান্তৰ সমীপৰ খাইবাৰ পাখতুনখোৱা প্রদেশৰ খাৰ চহৰত জমিয়ত উলেমা ইছলাম-ফজলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ সেই সভা উপলক্ষে তাত বহু লোক সমবেত হৈছিল। হঠাৎ সভা চলি থকাৰ সময়তে এক ভয়ংকৰ বিস্ফোৰণ ঘটে। আত্মঘাতী বোমাৰুৱে এই বিস্ফোৰণ ঘটোৱাৰ সন্দেহ কৰা হৈছে।

বিস্ফোৰণৰ ফলত থিতাতে বহুকেইজন লোকৰ মৃত্যু হয়। শ শ লোক গুৰুতৰভাৱে আহত হয়। অৱশ্যে এই বিস্ফোৰণ কেনেকৈ সংঘটিত হয়, ইয়াৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট কৰা নাই। অৱশ্যে জমিয়ত উলেমা ইছলাম-ফজল (JUI-F)ৰ বৈঠকৰ আয়োজকক লক্ষ্য কৰি এই বিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছে। JUI-F ৰ মুৰব্বী মৌলানা ফজলুৰ ৰেহমানে বিস্ফোৰণৰ আঁৰত উগ্ৰপন্থীৰ হাত আছে বুলি মন্তব্য কৰি তদন্তৰ দাবী জনায়।

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd