NORTHEAST NOW (Assamese)

ভয়াৱহ ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া: প্ৰায় ৫৬ গৰাকীৰ মৃত্যু, ৩০০ ৰো অধিক লোক আহত

November 21, 2022 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 21, 2022 6:56 pm

এক ভয়াৱহ ভূমিকম্পই মৃত্য উপত্যকাত পৰিণত কৰিছে ইণ্ডোনেছিয়াক। দেশখনৰ মূল দ্বীপ জাভাত আজি ৫.৬ প্ৰাবল্যৰ এক ভূমিকম্পই কঁপাই যোৱাৰ ফলত প্ৰায় ৫৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে তিনি শতাধিক লোক।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ মতে, এই ভয়াৱহ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে পশ্চিম জাভাৰ চিয়ানজুৰ অঞ্চল।

ভূমিকম্পই আটাইতকৈ ক্ষতিগ্ৰস্ত কৰি তুলিছে দেশখনৰ ছিয়ানজুৰ চহৰ। ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে চহৰখনৰ বিভিন্ন স্থান।

ছিয়ানজুৰৰ স্থানীয় প্ৰশাসনৰ মুখপাত্ৰ এডামে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ভূমিকম্পৰ ফলত এতিয়ালৈকে ৫৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

কেৱল এখন মাত্ৰ চিকিৎসালয়তে অধিকাংশ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ভূমিকম্পই জোকাৰি যোৱা বহু অঞ্চলত এতিয়াও উদ্ধাৰ অভিযান চলোৱা নাই বুলি প্ৰশাসনে জানিবলৈ দিছে।

Related News