NORTHEAST NOW (Assamese)

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত আইএছ-ৰ আত্মঘাতী আক্ৰমণত নিহত ৬ জন

March 28, 2023 12:08 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰিহীত।

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত ইছলামিক ষ্টেটৰ এক আত্মঘাতী আক্ৰমণত ৬জন নাগৰিক নিহত আৰু কেইবাজনো লোক আহত হৈছে।  আভ্যন্তৰীণ মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত এই বছৰত দ্বিতীয়টো আক্ৰমণ।

বিষয়াসকলৰ মতে, কাবুলত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত এজন আত্মঘাতী বোমাৰুৱে বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত ৬জন লোক নিহত হৈছে, যিটো এই বছৰ মন্ত্ৰালয়ৰ ওচৰত হোৱা দ্বিতীয়টো আক্ৰমণ।

লগতে পঢ়ক: বন্ধ নহয় যুদ্ধ! প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক

মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল নাফি তাকোৰে সোমবাৰে টুইট কৰি কয়, “আক্ৰমণকাৰীজনক আফগান বাহিনীয়ে লক্ষ্য কৰি লৈছিল যদিও তেওঁ কঢ়িয়াই অনা বিস্ফোৰক বিস্ফোৰণ ঘটাৰ ফলত ৬জন সাধাৰণ লোক নিহত হোৱাৰ লগতে  আন কেইবাজনো লোক আহত হয়।”

কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয় যে আত্মঘাতী বোমাৰুজনক মন্ত্ৰালয়ৰ ওচৰৰ এটা নিৰাপত্তা চেকপইণ্টত চিনাক্ত কৰা হৈছিল। তেওঁ কয়, “মালিক অছগৰ চকত… লক্ষ্যত উপনীত হোৱাৰ আগতে এটা চেকপইণ্টত এজন আত্মঘাতী বোমাৰু চিনাক্ত কৰা হৈছিল আৰু তেওঁক হত্যা কৰা হৈছিল যদিও তেওঁৰ লগত থকা বিস্ফোৰকৰ বিস্ফোৰণ ঘটে।”

লগতে পঢ়ক: আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

মুখপাত্ৰজনে সন্ত্ৰাসবাদীৰ লক্ষ্যৰ নাম উল্লেখ কৰা নাই যদিও বিস্ফোৰণটো চহৰখনৰ এটা ব্যস্ত এলেকাৰ এটা চেকপইণ্টৰ ওচৰত সংঘটিত হৈছিল য’ত এটা কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজত থকা পথ আছিল। তাত বৈদেশিক মন্ত্ৰালয়কে ধৰি কেইবাটাও চৰকাৰী ভৱন আছে। জাদৰানে কয় যে আহতসকলৰ ভিতৰত তালিবানৰ নিৰাপত্তা বাহিনীৰ তিনিজন সদস্যও আছে। ইপিনে, ইছলামিক ষ্টেটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

Related News