উত্তৰৰ পৰা দক্ষিণ গাজালৈ পলায়ন কৰা পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ ওপৰত বিমান আক্ৰমণ চলাইছে ইজৰাইলে। এই আক্ৰমণত কমেও ৭০ জন লোকে প্ৰাণ হেৰুৱায়। এই তথ্য হামাছে প্ৰকাশ কৰিছে।
হামাছৰ নেতাসকলে জনোৱা মতে, নিহতসকলৰ অধিকাংশই মহিলা আৰু শিশু। ইজৰাইলৰ আক্ৰমণৰ ভয়ত তেওঁলোকে উত্তৰ গাজাৰ পৰা নিৰাপদ স্থানলৈ পলায়ন কৰিছিল। অৱশ্যে ইজৰাইলে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে একো জনোৱা নাই।
শুকুৰবাৰে ইজৰাইলে উত্তৰ গাজাৰ সকলো সাধাৰণ নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত গাজা ষ্ট্ৰিপৰ দক্ষিণে যাবলৈ নিৰ্দেশ দিয়ে। অনুমান কৰা হৈছে যে ইজৰাইলে গাজা ষ্ট্ৰিপত এক বৃহৎ অভিযানৰ প্ৰস্তুতি চলাইছে।
লগতে পঢ়কঃ Cricket In 2028 Olympics: বিশ্বকাপৰ মাজতে সুখবৰ; অলিম্পিকত পুনৰ দেখা যাব ক্ৰিকেট! গৃহীত প্ৰস্তাৱ
ইপিনে, ৰাষ্ট্ৰসংঘই ইজৰাইলক গাজা খালী কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে কয় যে এয়া এক অকল্পনীয় নিৰ্দেশ। ইজৰাইলৰ নিৰ্দেশ অনুসৰি কমেও ১০ হাজাৰ লোকে গাজা চহৰ এৰি যোৱা বুলিও ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে।
পেলেষ্টাইনী সংগঠন হামাছে ৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে অভূতপূৰ্ব আক্ৰমণ চলাইছিল। ইজৰাইলত হামাছৰ আক্ৰমণত নিহত হোৱা লোকৰ সংখ্যা ১ হাজাৰ ৩০০ লৈ বৃদ্ধি পাইছে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে সেইদিনাই প্ৰত্যাক্ৰমণ চলায়। গাজা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অৱৰুদ্ধ গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা ১৯০০ লৈ বৃদ্ধি পাইছে। আহত প্ৰায় ৬ হাজাৰ ৩৮৮ জন লোক।
লগতে পঢ়কঃ ২৪ ঘন্টাৰ ভিতৰত ১০ লাখ পেলেষ্টাইনীক গাজাৰ উত্তৰাঞ্চল এৰি যোৱাৰ নিৰ্দেশ দিলে ইজৰাইলে
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি গাজাত ইজৰাইলৰ আক্ৰমণৰ ফলত নতুনকৈ ৩ লাখ ৩৮ হাজাৰ পেলেষ্টাইনী গৃহহাৰা হৈছে।