আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, তিনি স্থানৰ পৰা উদ্ধাৰ ৮ জনৰ মৃতদেহ; অভিযুক্ত ‘সন্ধানহীন’

আক্ৰমণকাৰী তেত্ৰিশ বছৰীয়া যুৱক ৰোমিঅ’ নেন্স আৰু তেওঁৰ গাড়ীখন। ফটোঃ সংগ্ৰহীত।

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত ৮ জন লোকে প্ৰাণ হেৰুৱালে। বাতৰি অনুসৰি, দেওবাৰৰ পৰা সোমবাৰলৈ চিকাগোৰ উপকণ্ঠ অঞ্চলৰ তিনিটা স্থানৰ পৰা ৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই হত্যাকাণ্ডত নাম উন্মোচিত হোৱা তেত্ৰিশ বছৰীয়া যুৱক ৰোমিঅ’ নেন্স অৱশ্যে ‘সন্ধানহীন’। আৰক্ষীয়ে তেওঁক বিচাৰি তীব্ৰ অভিযান চলাইছে।

ইলিনয় প্ৰশাসন আৰু স্থানীয় আৰক্ষীৰ মতে, এই আঠজন লোকক কিয় হত্যা কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। নিহতসকলৰ ভিতৰত ৭ জন দুটা পৰিয়ালৰ সদস্য। অৱশ্যে এই দুই পৰিয়ালটোৰ সৈতে অভিযুক্তৰ কোনো শত্ৰুতা আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই।

আৰক্ষীয়ে জানিবলৈ দি কয় যে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ বিশেষ টাস্ক ফ’ৰ্চে অভিযুক্তক বিচাৰি উলিওৱাত সহায় কৰিছে।

লগতে পঢ়কঃ প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

দেওবাৰ আৰু সোমবাৰে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত কেইবাটাও স্থানত অভিযুক্তক চিনাক্ত কৰে। সেই সময়তে একাংশই ছ’চিয়েল মিডিয়াত যুৱকজনক ‘অস্ত্ৰধাৰী আৰু বিপজ্জনক’ আখ্যা দি বাসিন্দাসকলক সকীয়াই দিবলৈ চেষ্টা কৰিছিল। পিছত দেওবাৰে উইল কাউন্টিৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হয়। সোমবাৰে জলিয়েটৰ দুটা ঘৰৰ পৰা মুঠ ৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। আটাইকেইজন লোকৰ দেহত গুলীৰ আঘাত আছিল।

সংবাদমেলত জলিয়েটৰ আৰক্ষী অধীক্ষকে কয় যে তেওঁৰ ২৯ বছৰীয়া কেৰিয়াৰত এনে ভয়ানক অপৰাধ কেতিয়াও দেখা নাই। অৱশ্যে আৰক্ষীৰ মতে অভিযুক্ত যুৱকজনে ইতিমধ্যে তেওঁৰ ‘টাৰ্গেট’ক চিনাক্ত কৰি ৰাখিছিল।

সংবাদ মাধ্যম চিবিএছৰ এক প্ৰতিবেদন অনুসৰি অভিযুক্ত যুৱকজন পূৰ্বে কেইবাটাও অপৰাধমূলক কাৰ্যত জড়িত আছিল। গুলীচালনাৰ ঘটনাতো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৩ চনত ব্যক্তিগত বণ্ডত জামিন লাভ কৰিলেও সেই গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে।

ইয়াৰ পূৰ্বেও আমেৰিকাত  বন্দুকধাৰীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাইছে। ইতিমধ্যে সেই দেশত অস্ত্ৰ আইন কঠোৰ কৰাৰ দাবী উত্থাপন হৈছিল। সেই দেশৰ “Gun Violence Archive” ৰ পৰিসংখ্যা অনুসৰি চলিত বছৰৰ তিনিটা সপ্তাহতে আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত ৮৭৫ জন লোকৰ মৃত্যু হয়!