• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, তিনি স্থানৰ পৰা উদ্ধাৰ ৮ জনৰ মৃতদেহ; অভিযুক্ত ‘সন্ধানহীন’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 10:07 am
আক্ৰমণকাৰী তেত্ৰিশ বছৰীয়া যুৱক ৰোমিঅ’ নেন্স আৰু তেওঁৰ গাড়ীখন। ফটোঃ সংগ্ৰহীত।

আক্ৰমণকাৰী তেত্ৰিশ বছৰীয়া যুৱক ৰোমিঅ’ নেন্স আৰু তেওঁৰ গাড়ীখন। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত ৮ জন লোকে প্ৰাণ হেৰুৱালে। বাতৰি অনুসৰি, দেওবাৰৰ পৰা সোমবাৰলৈ চিকাগোৰ উপকণ্ঠ অঞ্চলৰ তিনিটা স্থানৰ পৰা ৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই হত্যাকাণ্ডত নাম উন্মোচিত হোৱা তেত্ৰিশ বছৰীয়া যুৱক ৰোমিঅ’ নেন্স অৱশ্যে ‘সন্ধানহীন’। আৰক্ষীয়ে তেওঁক বিচাৰি তীব্ৰ অভিযান চলাইছে।

ইলিনয় প্ৰশাসন আৰু স্থানীয় আৰক্ষীৰ মতে, এই আঠজন লোকক কিয় হত্যা কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। নিহতসকলৰ ভিতৰত ৭ জন দুটা পৰিয়ালৰ সদস্য। অৱশ্যে এই দুই পৰিয়ালটোৰ সৈতে অভিযুক্তৰ কোনো শত্ৰুতা আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই।

আৰক্ষীয়ে জানিবলৈ দি কয় যে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ বিশেষ টাস্ক ফ’ৰ্চে অভিযুক্তক বিচাৰি উলিওৱাত সহায় কৰিছে।

Apply Now

লগতে পঢ়কঃ প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

দেওবাৰ আৰু সোমবাৰে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত কেইবাটাও স্থানত অভিযুক্তক চিনাক্ত কৰে। সেই সময়তে একাংশই ছ’চিয়েল মিডিয়াত যুৱকজনক ‘অস্ত্ৰধাৰী আৰু বিপজ্জনক’ আখ্যা দি বাসিন্দাসকলক সকীয়াই দিবলৈ চেষ্টা কৰিছিল। পিছত দেওবাৰে উইল কাউন্টিৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হয়। সোমবাৰে জলিয়েটৰ দুটা ঘৰৰ পৰা মুঠ ৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। আটাইকেইজন লোকৰ দেহত গুলীৰ আঘাত আছিল।

সংবাদমেলত জলিয়েটৰ আৰক্ষী অধীক্ষকে কয় যে তেওঁৰ ২৯ বছৰীয়া কেৰিয়াৰত এনে ভয়ানক অপৰাধ কেতিয়াও দেখা নাই। অৱশ্যে আৰক্ষীৰ মতে অভিযুক্ত যুৱকজনে ইতিমধ্যে তেওঁৰ ‘টাৰ্গেট’ক চিনাক্ত কৰি ৰাখিছিল।

pic.twitter.com/8T0IFCtBvZ

— Joliet Police Department (@JolietPolice) January 22, 2024

সংবাদ মাধ্যম চিবিএছৰ এক প্ৰতিবেদন অনুসৰি অভিযুক্ত যুৱকজন পূৰ্বে কেইবাটাও অপৰাধমূলক কাৰ্যত জড়িত আছিল। গুলীচালনাৰ ঘটনাতো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৩ চনত ব্যক্তিগত বণ্ডত জামিন লাভ কৰিলেও সেই গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে।

ইয়াৰ পূৰ্বেও আমেৰিকাত  বন্দুকধাৰীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাইছে। ইতিমধ্যে সেই দেশত অস্ত্ৰ আইন কঠোৰ কৰাৰ দাবী উত্থাপন হৈছিল। সেই দেশৰ “Gun Violence Archive” ৰ পৰিসংখ্যা অনুসৰি চলিত বছৰৰ তিনিটা সপ্তাহতে আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত ৮৭৫ জন লোকৰ মৃত্যু হয়! 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd