NORTHEAST NOW (Assamese)

চীনৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ; কমেও ৯০ জন শ্ৰমিকৰ মৃত্যু

May 23, 2026 2:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 23, 2026 2:59 pm

চীনত এক ভয়ংকৰ খনি দুৰ্ঘটনা সংঘটিত হৈছে। দেশৰ উত্তৰ প্ৰান্তৰ কয়লা খনিত সংঘটিত বিস্ফোৰণত কমেও ৯০ জন লোকৰ মৃত্যু হৈছে।

ধ্বংসাৱশেষৰ তলত এশৰো অধিক শ্ৰমিক পোত গৈ আছে। ইয়াৰে বহুতেই আহত হৈছে। বহুতে বাচি নাথাকিব পাৰে বুলি আশংকা কৰা হৈছে। ক্ষীপ্ৰতাৰে উদ্ধাৰৰ কাম চলি আছে।

চীনৰ মূল কয়লা খনন অঞ্চল হৈছে শ্বানছি প্ৰদেশ। ইয়াৰ আকাৰ গ্ৰীচতকৈ ডাঙৰ। ইয়াত প্ৰায় ৩৪ নিযুত লোক বাস কৰে। যোৱা বছৰ কেৱল শ্বনছিৰ খনিৰ পৰা ১.৩ ট্ৰিলিয়ন টন কয়লা উলিওৱা হৈছিল। ই চীনৰ মুঠ উৎপাদনৰ এক তৃতীয়াংশ।

জানিব পৰা মতে, শুকুৰবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত চাংঝি চহৰৰ লিউশ্বেনিউ খনিত এই বিস্ফোৰণ সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত খনিটোত ২৪৭ জন শ্ৰমিক আছিল। ইয়াৰে কমেও ৯০ জন জীয়াই থকা নাই বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে প্ৰশাসনক যুদ্ধকালীনভাৱে উদ্ধাৰ কাম কৰিবলৈ নিৰ্দেশ দিছে। সন্ধানহীন হোৱা লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ গাফিলতি নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইতিমধ্যে জিনপিঙে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে। কোনো অনিয়ম উদ্ধাৰ হ’লে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিছে।

Related News