মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

ফটোঃ সংগ্ৰহীত।

ধূলিৰ ধুমুহাত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই। সোমবাৰেই এখন বিশাল বিলবোৰ্ড ভাঙি পৰাৰ পিছত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। মঙলবাৰৰ পুৱালৈকে ১৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা কমেও ৭৪ জন।

সোমবাৰে বিয়লিৰ পিছতে বাণিজ্যিক চহৰখনত ধূলিৰ ধুমুহাই তীব্ৰ আতংকৰ সৃষ্টি কৰে। প্ৰায় ১০০ ফুট ওখ বিলবোৰ্ড এখন বতাহৰ কোবত ভাঙি পৰে। হুৰমুৰাই ভাঙি তলত পৰিছিল বিলবোৰ্ডখন। বিলবোৰ্ডৰ তলত বহুলোক চেপা খাই পৰাৰ আশংকা কৰা হৈছিল।

আৰক্ষীয়ে খৰধৰকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। এন ডি আৰ এফকো অৱগত কৰা হয়। বিলবোৰ্ডবোৰ আঁতৰাই এটা এটাকৈ মৃতদেহবোৰ উলিয়াই অনা হয়।

লগতে পঢ়কঃ বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী, বিজেপি নেতা সুশীল কুমাৰ মোডীৰ দেহাৱসান

জানিব পৰা মতে, মুম্বাইৰ ঘাটকোপাৰ অঞ্চলৰ পেট্ৰ’ল পাম্পৰ কাষতে বিলবোৰ্ডখন আছিল। মুম্বাই দুৰ্যোগৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। ইয়াৰে এটাত পেট্ৰ’ল পাম্পৰ ওপৰত এখন বিশাল বিলবোৰ্ড ভাঙি পৰি থকা দেখা গৈছে। ইয়াৰ দ্বাৰা বহু লোক চেপা খাই তলত পৰিছে। কেইবাখনো গাড়ীও বিলবোৰ্ডৰ তলত আবদ্ধ হৈ পৰে।

এন ডি আৰ এফে কয় যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। আহত ৭৪ জনতকৈ অধিক। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ মতে, ইগো মিডিয়া নামৰ এটা বিজ্ঞাপন সংস্থাই এই হাৰ্ডিং নিৰ্মাণ কৰিছিল। লগতে আৰু চাৰিখন হৰ্ডিং আছিল। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৰ্ডিংখন ধুমুহাৰ ফলত ভাঙি পৰে। এই ঘটনাত বিজ্ঞাপন কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সঠিক নিয়ম অনুসৰি আৰু অনুমতি সাপেক্ষে বনোৱা  হৈছিল নে নাই সেয়া পৰীক্ষা কৰি থকা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে কয় যে মহাৰাষ্ট্ৰ চৰকাৰে এই ঘটনাৰ বিশদ তদন্তৰ নিৰ্দেশ দিছে।

মুম্বাইত এতিয়াও দুৰ্যোগ চলি আছে। ঘাটকোপাৰ, বান্দ্ৰা কুৰলা, ধাৰাভি অঞ্চলত ধুমুহা বতাহৰ লগতে বৰষুণ আৰম্ভ হৈছে। আপাততঃ মুম্বাই বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা তিনি-চাৰি ঘণ্টাত মুম্বাইৰ পালঘৰ, থানেৰ দৰে কেইবাটাও অঞ্চলত ৫০-৬০ কিলোমিটাৰ গতিত ধুমুহাৰ লগতে বজ্ৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে।