NORTHEAST NOW (Assamese)

৯ বছৰ ধৰি বাবাৰ জঁটাত ‘পাৰ চৰাই’! কুম্ভমেলাত এইবাৰ চৰ্চাত ‘কবুতৰ বাবা’

January 17, 2025 6:59 pm · এন ই নাও নিউজ, গুৱাহাটী

চাৱালা বাবা, ‘আইআইটি বাবা, আৰু ‘মাস্কুলাৰ বাবাৰ পাছত প্ৰয়াগৰাজৰ পূৰ্ণিমা কুম্ভত আন এজন ‘বাবাই দৃষ্টি আকৰ্ষণ কৰিছে। ভক্তসকলৰ মাজত তেওঁৰ প্ৰতি আগ্ৰহ আৰু কৌতুহলৰ সৃষ্টি হৈছে। তেওঁ হৈছে ‘পাৰ চৰাই বাবা!

তেওঁ হৈছে মহন্ত ৰাজপুৰীজী মহাৰাজ। বগা পাৰ এটা সদায় তেওঁৰ মূৰত বহি থাকে। চুলিৰ জঁটাত কপৌৱে বাহ সাজিছে। বিগত ৯ বছৰ ধৰি ৰাজপুৰীজী মহাৰাজৰ মূৰত কপৌটো। এনে দাবী স্বয়ং মহন্তৰ। আৰু সেইবাবেই পূৰ্ণিমাৰ সময়ত তেওঁ ‘কবুতৰ বাবা নামেৰে পৰিচিত হৈছে।

পাৰ বাবালে যে তেওঁৰ পাৰটোৰ নাম হৰি পুৰী। তেওঁৰ ভাষাত, “আঠ-ন বছৰ ধৰি এই পাৰ চৰাইটো মোৰ অহৰহ সংগী।” ‘বাবাৰ মতে পাৰ প্ৰেম আৰু সদিচ্ছাৰ প্ৰতীক।

কুম্ভ আৰম্ভ হোৱাৰ লগে লগে কেইবাজনো ‘বাবাক আগুৰি থকা কৌতুহল আৰু উত্তেজনা তুংগত উঠিছে। তাৰ ভিতৰত আছে ‘চাৱালা বাবাকাৰণ তেঁও একমাত্ৰ খাদ্য চাহহে খায়। আৰু সেইবাবেই তেওঁক ‘চাৱালা বাবা বুলি জনা যায়। জনা যায় যে ৪১ বছৰ ধৰি তেঁও মৌন হৈ আছে। কিন্তু তেওঁৰ বিষয়ে আৰু অধিক আকৰ্ষণীয় কথাটো হল তেওঁ অসামৰিক সেৱাৰ প্ৰাৰ্থীক মেলাৰ পৰাই অনলাইনত বিনামূলীয়াকৈ পাঠদান কৰি আছে।

আন এজন ব্যক্তি হৈছে ‘আই আই টি বাবা। সেই নামটোৱেই হৈছে ভক্তসকলে হাঁহিমুখীয়া ডেকা সাধুজনক। কাৰণ, তেওঁ দেশৰ বিখ্যাত শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজিত অধ্যয়ন কৰিছিল। ইয়াৰ পাছত তেওঁ আধ্যাত্মিকতাৰ পথ বাছি লৈছিল।

Related News