বিধেয়ক বাতিলৰ দাবীত জাঁজীত পথ অৱৰোধ যৌথ সংগ্ৰামী মঞ্চৰ

IMG-20190122-WA0008

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি  অব্যাহত আছে গণতান্ত্ৰিক  প্ৰতিবাদ কাৰ্যসূচী৷  সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমকো অশান্ত কৰি তোলা এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি জানুৱাৰি মঙলবাৰে যৌথ সংগ্ৰামী মঞ্চ, শিৱসাগৰৰ উদ্যোগত তিনি শতাধিক লোকে একত্ৰিত হৈ দিনৰ ১২-০০ বজাৰ পৰা প্ৰায় আধাঘণ্টা সময় ধৰি শিৱসাগৰ জিলাৰ অন্তৰ্গত জাঁজী গড়মূৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷

অৱৰোধৰ সময়ছোৱাত প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায় হায়’, ‘সৰ্বানন্দ সোণোৱাল গ’ বেক’, ‘হিমন্ত বিশ্ব মুৰ্দাবাদ’, আদি ধ্বনিৰে চৌদিশ মুখৰিত কৰি তোলে৷ আজিৰ কাৰ্যসূচীত আহোম সেনা, কৃষক মুক্তি,  অসম ঐক্য সেনা আদি সংগঠনসমূহেও সহযোগিতা আগবঢ়ায়৷