নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) সদস্যই যোৱা কালি ১১ জানুৱাৰি শুকুৰবাৰে ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
প্ৰতিবাদকাৰীসকলে সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্লেকাৰ্ড আৰু বেনাৰ দেখুৱাই এঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত চলাচল কৰা যান-বাহন চলাচলত যথেষ্ট বাধাগ্ৰস্ত হয়।
আটাছুৰ বৰপথাৰ গোটৰ সভাপতি অমৃত গগৈয়ে কয়, ‘‘আমি নাগৰিকত্ব বিধেয়কখন বাতিল কৰাৰ দাবী জনাইছোঁ কাৰণ এয়া অসমীয়া জনতাৰ মানসিকতাত আঘাত কৰিছে। এনেধৰণৰ এখন বিধেয়ক গৃহীত কৰি বিজেপিয়ে অসমৰ ধৰ্ম নিৰপেক্ষ গাঁথনিটো নষ্ট কৰিব বিচাৰিছে।’’ আটাছুৰ নেতাগৰাকী যোৱা ১১ ঘণ্টীয়া বন্ধৰ সময়চোৱাত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধত গ্ৰেপ্তাৰ কৰা ১১গৰাকী ব্যক্তিক মুক্তি দিয়াৰ দাবী কৰাৰ লগতে লগতে শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা বিশিষ্ট বুদ্ধিজীবি ড০ হীৰেন গোহাই, মনজিৎ মহন্ত আৰু অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা ৰাষ্ট্ৰদ্ৰোহত উচতনি দিয়া গোচৰ উঠাই লোৱাৰ দাবী তোলে।
আনহাতে ডিব্ৰুগড় উকীল সন্থাৰ সদস্যসকলেও ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ৰ পৰা থানা চাৰিআলিলৈ এটা প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে। অধিবক্তসকলে বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি শ্লোগান দিয়ে।
উল্লেখ্য যে ১৯৫৫ নাৰিকত্ব আইনৰ সংশোধনী ঘটাবলৈ লোকসভাত ২০১৬ত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰা হৈছিল। এই বিধেয়কখনত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খৃষ্টিয়ান ধৰ্মাৱলম্বী লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব বিধেয়ক, ১৯৫৫ৰ সংশোধন ঘটাব বিচৰা হৈছে।
নাগৰিকত্ব বিধেয়ক, ১৯৫৫ৰ সংশোধন কৰিব বিচৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক স্পষ্ট কৰি যুটীয়া সংশোধনী সমিতিয়ে বৃহস্পতিবাৰে এখন প্ৰতিৱেদন গৃহীত কৰে।