শিৱসাগৰত আটাছুৱে জ্বলালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ প্ৰতিকৃতি

ATASU

শিৱসাগৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ প্ৰতিকৃতি দাহ। সদৌ তাই আহোম ছাত্ৰ সন্থাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ প্ৰতিকৃতি দাহ কৰে ।

মংগলবাৰে শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ প্ৰতিকৃতি এইদৰে দাহ কৰে আটাছুৱে।

উল্লেখ্য যে শিলচৰৰ এখনি সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা বুলি মন্তব্য কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। এই মন্তব্যৰ পিছতে লৈ জাঙুৰ খাই উঠিছে তাই আহোম ছাত্ৰ সন্থাই।

উল্লেখ্য যে, ২০১৬ৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে টাই আহোম জনগোষ্ঠীৰ লগতে ৰাজ্য ছয়নগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ থকা অৱস্থাটো সৰ্বানন্দ সোণোৱালৰ ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো প্ৰদেক্ষপ লোৱা নাই বুলি সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ নেতৃত্বই অসন্তুষ্ট প্ৰকাশ কৰি আহিছে।

আনকি আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ নেতৃত্বই যোৱা পাঁচ বছৰে কৰি প্ৰতাৰণা উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিয়াৰ পিছতে বিজেপি দলে পুনৰ বিষয়টোক লৈ মিথ্যাচাৰৰ ৰাজনীতি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা পৰলিক্ষিত হৈছে।

ইয়াৰ অংশ হিচাপে শিলচৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অসমৰ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ল বুলি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈছে ৰাজ্যৰ সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ জাতীয় সংগঠনসমূহে।

মংগলবাৰে আটাছুৱে ইয়াৰ অংশ হিচাপে নাড্ডাৰ প্ৰতিকৃতি জ্বলাই ছয় জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰ নকৰিলে ২০২১ ৰ নিৰ্বাচনত বিজেপিক উচিত প্ৰত্তুত্যৰ দয়া হ’ব বুলি হুংকাৰ দিয়ে।