ভাৰতত নিৰ্মাণ কৰা এই স্কুটাৰত আছে 4G ছীম; চাওক সৱিশেষ

super

ছুপাৰ স্কুটাৰ।

কৰ্ণাটকৰ বেংগালুৰুত সাত বছৰ পূৰ্বে আৰম্ভ হোৱা ইলেকট্ৰিক স্কুটাৰ কোম্পানী আথাৰে ক্ৰমে ভাৰতৰ বজাৰত প্ৰসাৰ লাভ কৰে।

এইবাৰ নতুন স্কুটাৰৰ বজাৰত নতুনত্বৰ চমক আনি ছুপাৰ স্কুটাৰ হিচাপে পৰিচিত “আথাৰ ৪৫০ এক্স’’ মডেলটোৱে বজাৰত প্ৰৱেশ কৰাৰ পূৰ্বেই চৰ্চা লাভ কৰিছে।

কোম্পানীটোৱে ২০১৮ত আথাৰ ৪৫০ স্কুটাৰ মুকলি কৰিছিল। ইয়াৰ দুবছৰ পাছতেই এইবাৰ কোম্পানীটোৱে বজাৰলৈ লৈ আনিছে নতুন মডেলৰ স্কুটাৰখন।

মাত্ৰ ৩.৩ ছেকেণ্ডত শূন্যৰ পৰা ৪০ কিলোমিটাৰ গতি ল’ব পৰা এই ইলেকট্ৰিক স্কুটাৰখনত ইনবিল্ড 4G ছীম থকাৰ লগতে সাত ইঞ্চিৰ কালাৰ ডিছপ্লেও আছে যিয়ে আপোনাক পথ দেখুৱাই ঘৰ পোৱাত সহায় কৰিব।

কোম্পানীৰ ৱেবছাইটত গৈ গ্ৰাহকে আগতীয়াকৈ বুকিং কৰিব পাৰে।

জানিব পৰা মতে, বগা, ধোঁৱা বৰণীয়া আৰু সেউজীয়া তিনিটা ৰঙত এই ছুপাৰ স্কুটাৰখনত ৱাই ফাই, ব্লু টুথ সংযোগ কৰিব পাৰিব।

সেইদৰে, হাই পাৰ্ফৰমেন্সৰ ৱাপ ম’ড আছে। ফলত স্কুটাৰখন আটাইতকৈ দ্ৰুতবেগী স্কুটাৰ হিচাপে পৰিগণিত হৈছে।

স্কুটাৰখন এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে ই ৮৫ কিলোমিটাৰ পথ দূৰত্ব অতিক্ৰম কৰাৰ বাবে সক্ষম।

বেংগালুৰুত স্কুটাৰখন শ্ব’ৰুমত ৯৯ হাজাৰ টকাত পালেও দেশৰ আন চহৰত ইয়াৰ দাম কিছু বেছি হ’ব।

অৱশ্যে EMIৰ জৰিয়তেও ইয়াক ক্ৰয় কৰিব পৰা যাব। ইলেক্ট্ৰিক স্কুটাৰখনৰ এই প্লাছ ভেৰিয়েন্টটো মাহিলী ১,৬৯৯টকা কিস্তি আদায় দি ক্ৰয় কৰিব পৰা যাব। সেইদৰে, প্ৰো ভেৰিয়েন্টটোৰ বাবে মাহিলী কিস্তি হ’ব ১,৯৯৯টকা।

আনহাতে, প্লাছ ভেৰিয়েন্টটৰ আপ ফ্ৰন্ট দাম দিল্লীৰ বাহিৰে আন চহৰত ১.৪৯ লাখ টকা হ’ব। সেইদৰে প্ৰো ভেৰিয়েন্টৰ আপ ফ্ৰন্ট দাম হ’ব ১.৫৯ লাখ টকা।