গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল : এটিকে কলকাতাৰ হাতত ৫-১ৰ ব্যৱধানত ধৰাশায়ী হ’ল জৰ্জ টেলিগ্ৰাফ

Governor's Gold Football Cup

ফটো : নৰ্থ-ইষ্ট নাও

ছিকিমত যোৱা ২৩ অক্টোবৰৰ পৰা চলা ৩৮ সংখ্যক অল ইণ্ডিয়া গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে এটিকে কলকাতা (ৰিজাৰ্ভ)। পালজৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি এটিকে কলকাতাই দুৰ্দান্ত প্ৰদৰ্শনেৰে ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে কলকাতাৰে আন এক দল জৰ্জ টেলিগ্ৰাফক।

আজিৰ খেলখনত এটিকে কলকাতাই আৰম্ভণিৰে পৰা জৰ্জ টেলিগ্ৰাফ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা দেখা যায়। খেলৰ ১১ মিনিটত থময় চিমৰায়ে এটিকেৰ হৈ প্ৰথমটো গ’ল কৰে। ইয়াৰ ঠিক তিনি মিনিট পাছতে দলৰ হৈ ব্ৰেণ্ডন গ্ৰীনে আন এটা গ’ল কৰি খেলৰ ১৫ মিনিটৰ ভিতৰতে ২-০ৰ অগ্ৰগতি দিয়ে।

২-০ত পিছ পৰি থকা জৰ্জ টেলিগ্ৰাফে মেচখনত নিজৰ চন্দ ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এছকে আজাৰুদ্দিনে মেচৰ ৩৬ মিনিটত এটিকেৰ হৈ তৃতীয়টো গ’ল কৰে। ইয়াৰ ঠিক চাৰি মিনিটৰ পাছতে এটিকে কলকাতাৰ হৈ চাৰি নম্বৰ গ’লটো দিয়ে আশীষ ঝায়ে।

প্ৰথমাৰ্ধৰ ৪০ মিনিটতে সম্পূৰ্ণৰূপে ধৰাশায়ী হোৱা জৰ্জ টেলিগ্ৰাফৰ হৈ মেচৰ একমাত্ৰ গ’লটো এছকে ৰাজাই ৪২ মিনিটত প্ৰদান কৰে।

আনহাতে দ্বিতীয়াৰ্ধত জৰ্জ টেলিগ্ৰাফ দলে কিছু পৰিমানে উন্নতমানৰ খেল প্ৰদৰ্শন কৰা দেখা যায় যদিও ৰক্ষণ বিভাগৰ দুৰ্বলতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৭৫ মিনিটত এটিকেই বিপক্ষৰ শিৱিৰত পঞ্চমটো মোক্ষম আঘাত হানে। আৰু এইদৰে ৫-১ৰ বৃহৎ ব্যৱধানত বিজয়ী হয় এটিকে কলকাতা।

উল্লেখযোগ্য যে গভৰ্নৰ্ছ গ’ল্ড কাপ প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল সোমবাৰে দুপৰীয়া ২ বজাৰ পৰা ঘৰুৱা দল ছিকিম আক্ৰমক ফুটবল ক্লাব আৰু বেংগালুৰু ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব।