উভতি আহিব নোৱাৰি চেন্নাইৰ অসম ভৱনত আবদ্ধ ৰাজ্যৰ প্ৰায় ছয় হাজাৰ শ্ৰমিক

লকডাউনৰ ফলত বহি ৰাজ্যত লক্ষাধিক শ্ৰমিক কৰ্মহীন হৈ পৰিছে। তাৰ মাজতে চেন্নাইৰ অসমৰ ভৱনত ৰাজ্যৰ প্ৰায় ছয় হেজাৰ শ্ৰমিক আবদ্ধ হৈ থকা ঘটনা পোহৰলৈ আহিছে।

আৱদ্ধ হৈ থকা অসমৰ কেইগৰাকী মান শ্ৰমিকৰ ফেচবুক লাইভ যোগে বৃহস্পতিবাৰে তেওঁলোকে দুৰ্দশাৰ কৰা পোহৰলৈ আনে।

ভাইৰেল হৈ পৰা  ফেচবুক লাইভ ভিডিঅ’টোত তামিলনাডু তথা অসম চৰকাৰে কোনো ধৰনৰ সহায় নকৰাৰ গুৰুতৰ অভিযোগ অনা হয়।

ফেচবুক লাইভটোত এজন যুবকে  কয়, ‘আমি অসম ভৱনত আবদ্ধ হৈ আছো। অসম চৰকাৰে আমাক নিয়াৰ কোনো ব্যৱস্থা কৰা নাই। গোটেই শ্ৰমিকবোৰে ৰাস্তাতে শুই আছে।’

আন এজনে কয়, ‘কেইদিন মানৰ আগতে মুখ্য মন্ত্ৰীয়ে ১২মেত ট্ৰেইন আছিল বুলি কৈছিল সেয়েহে সেই বাতৰি পাই চেন্নাই, তামিলনাডুত থকা সকলো অসমীয়া ষ্টেশ্যনলৈ আহিছিল কিন্তু ইয়াত কৈছে ট্ৰেইন নাই।’

‘আমাৰ ইয়াত দৰমহা হোৱা নাই। কিছু মানে ৰুম খালী কৰি আহিছে। কিছুমানক কোম্পানীৰ পৰা খেদা দিছে। কিছুমানে খাইছে কিছুমানে নখোৱাকৈ আছে। মুখ্য মন্ত্ৰীক আহ্বান অতি শীঘ্ৰে চেন্নাইৰ পৰা অসমলৈ লৈ যাওক।’ তেওঁ কয়।

এনেদৰে ফেচবুক লাইভটোত আবদ্ধ হৈ থকা বহু কেইগৰাকী যুৱকে তেওঁলোকে সন্মুখীন হোৱা সমস্যা ব্যক্ত কৰে।

ইপিনে ছচিয়েল মিডিয়াত এই বিষয়টো চৰ্চিত হোৱাৰ পিছত আজি অনুষ্ঠিত এক সংবাদমেলত মুখ্য মন্ত্ৰী এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয়, ‘মই পুৱা গম পাইছো চেন্নাইৰ পৰাও আহিছে। অসমৰ কাকোৱেই, দেশত বুলি নহয় বিদেশতো কাকোৱে নিসংগ হ’বলৈ নিদিও। অকলসৰীয়া হ’বলৈ নিদিও, আমি সদায় তেওঁলোকৰ লগত আছো। কেৱল আমাক খবৰটো আগতীয়াকৈ দিব লাগে’।

তেওঁ লগতে কয়, ‘কালি শৃংখলাবদ্ধ ভাৱে অনাৰ পৰিকল্পনা লোৱা হৈছিল। কিন্তু সেই সময়ত তামিলনাডু চৰকাৰে ৰেলখন হঠাৎ বাতিল কৰি দিলে সেইবাবে তাত কোনোবাই এনেকুৱাও খবৰ দি দিলে যে ট্ৰেইন ইয়াৰ পৰা গৈ আছে। এটা ভুল বুজাবুজি হ’ল তথাপিও মই আমাৰ চেন্নাইত থকা যি গৰাকী বিষয়া তেওঁক নিৰ্দেশ দিছো। যিমান সংখ্যক আহিছে তেওঁলোকক থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগে’।