ATM এতিয়া বিশ্বৰ সকলো প্ৰান্তৰে লোকৰ বাবে এক এৰাব নোৱাৰা যন্ত্ৰ হৈ পৰিছে। নিমিষতে কোনো কষ্ট নোহোৱাকৈ ধন উলিয়াব পৰা এই ATM ৰ আৱিষ্কাৰকগৰাকীৰ জন্ম হৈছিল মেঘালয়ত।
১৯২৫ চনৰ ২৩ জুনত মেঘালয়ৰ শ্বিলঙৰ অতি প্ৰাচীন চিকিৎসালয় ডাঃ এইছ গৰ্ডন ৰবাৰ্ট হস্পিতালত জন্ম হৈছিল ATM ৰ আৱিষ্কাৰক জন এড্ৰিয়ান ছেফাৰ্ড-বেৰনৰ
।বেৰনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই শেহতীয়াক মেঘালয়ৰ উক্ত চিকিৎসালয় খনত স্থাপন কৰা হৈছে এটা ATM যন্ত্ৰ। জন এড্ৰিয়ান ছেফাৰ্ড-বেৰনৰ পিতৃ উইলফ্ৰেড ছেফাৰ্ড বেৰন আছিল তেতিয়াৰ উত্তৰ বংগৰ চিটাগং বন্দৰৰ মুখ্য অভিযন্তা।
একেদৰে জন এড্ৰিয়ানৰ মাতৃ ডৰথি আছিল অলিম্পিকৰ টেনিছ খেলুৱৈ আৰু উইম্বলডনৰ চেম্পিয়ন।জন এড্ৰিয়ান ছেফাৰ্ড-বেৰনৰ জন্মৰ পিছত তেওঁ ভাৰতৰ নানা ঠাই ঘূৰি ফুৰি ব্ৰিটেইনলৈ উভতি গৈছিল।
১৯৬৫ চনত তেওঁ ATM আৱিষ্কাৰৰ কামত হাত দিছিল আৰু ১৯৬৭ চনত তেওঁ উত্তৰ লণ্ডনৰ এটা বেংকত বিশ্বৰ প্ৰথমটো ATM স্থাপন কৰিছিল।
বিশ্বৰ প্ৰথমটো ATM ৰ পৰা প্ৰথমে ধন উলিয়াইছিল ৰেগ ভাৰ্নি নামৰ জনপ্ৰিয় টেলিভিছন তাৰকাগৰাকীয়ে।
ATM আৱিষ্কাৰৰ জৰিয়তে বিশ্ববাসীক উপকৃত কৰা জন এড্ৰিয়ান ছেফাৰ্ড-বেৰনৰ ২০১০ চনৰ ১৫ মে’ত স্কটলেণ্ডৰ এখন চিকিৎসালয়ত মৃত্যু ঘটিছিল।
তেওঁ জন্মগ্ৰহণ কৰা মেঘালয়ৰ চিকিৎসালয় খনত ATM স্থাপন কৰাত ৰোগী আৰু ৰোগীৰ আত্মীয়সকল উপকৃত হ’ব।