শিৱসাগৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ এ টি এমৰ পৰা চোৰে লুটিলে বৃহৎ পৰিমাণৰ ধন

ATM

ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰ চহৰত ইটোৰ পাছত সিটো ডকাইতৰ ঘটনা সংঘটিত হৈ অহাৰ পাছত আজি পুনৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি চহৰস্থিত এটা এ টি এমৰ পৰা এটা দুৰ্বৃত্তৰ দলে বৃহৎ পৰিমাণৰ ধন লুটি নিয়ে। এই ডকাইতি ঘটনাৰ পাছতে চহৰখনত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে চহৰৰ মাজ মজিয়াৰ বাবুপট্টিস্থিত ষ্টেট বেংকৰ এ টি এমটোত পুৱতি নিশা এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত অহা চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দল এটাই চুৰি কাৰ্য সংঘটিত কৰা বুলি চহৰখনৰ একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে।

এ টি এম চুৰি কাৰ্যত দুৰ্বৃত্তৰ দলটোৱে গেছ কাটাৰ ব্যৱহাৰ কৰা বুলিও বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰিছে। কিয়নো ঘটনাস্থলৰ সমীপতে গেছৰ চিলিণ্ডাৰ আৰু কাটাৰ উদ্ধাৰ হৈছে।

ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাই চহৰৰ একাংশ সচেতন লোকে জিলা আৰক্ষীৰ অকৰ্মন্যতাৰ বাবেই এনেধৰণৰ ঘটনা চহৰখনত বাৰম্বাৰ সংঘটিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে।