NORTHEAST NOW (Assamese)

বোকাখাতত এ টি এম কাৰ্ড চোৰ গ্ৰেপ্তাৰ; ২৪ খন এ টি এম কাৰ্ড জব্দ

August 28, 2018 5:16 pm · উত্তম শইকীয়া

এ টি এম জালিয়াতিৰে বিভিন্ন ব্যক্তিৰ বেংক একাউন্টৰ পৰা ধন চুৰি কৰা এজন প্ৰৱঞ্চকক আজি বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত প্ৰৱঞ্চক গৰাকীক দেৰগাঁৱৰ ইছলাম নগৰৰ বাসিন্দা আব্দুল মজিদ আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও আব্দুল মজিদ আলি কেইবাটাও এ টি এম চুৰিৰ ঘটনাৰ লগত জড়িত আছিল। আজি লোকজনে বোকাখাতত এ টি এম ৰ পৰা ধন চুৰি কৰাৰ পৰিকল্পনাৰে অহাৰ তথ্য বোকাখাতৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে বোকাখাত নগৰত তেওঁক কৌশলেৰে আটক কৰে ৷

বোকাখাত আৰক্ষীয়ে ধৃত আব্দুলৰ মণিবেগৰ পৰা ২৪ খন এ টি এম কাৰ্ড উদ্ধাৰ কৰে। অধিক তথ্যৰ বাবে সম্প্ৰতি বোকাখাত আৰক্ষীয়ে তেওঁক জেৰা চলাই আছে।

Related News