ATM Withdrawal Rules: ATMৰ পৰা টকা উলিওৱাৰ নতুন নিয়ম; বিনামূলীয়া সীমা অতিক্ৰম কৰিলে ভৰিব লাগিব অধিক ধন

SBI-ATM-safety--750x375

ATM Withdrawal Rules এটিএমৰ লেনদেনৰ ক্ষেত্ৰত বিনামূলীয়াকৈ ধন উলিওৱাৰ সীমা অতিক্ৰম কৰিলে আৰু অধিক চাৰ্জ ভৰিব লাগিব। নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰাই প্ৰযোজ্য হ’ব এই নিয়ম।

বিনামূলীয়া সৰ্বোচ্চ সীমা অতিক্ৰম কৰিলেই বৰ্তমান গ্ৰাহকে প্ৰতিটো লেনদেনত ২০ টকা ভৰিবলগীয়া হয় যদিও সেয়া অহা ১ জানুৱাৰীৰ পৰা ২১টকালৈ বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ লগত যোগ কৰা হ’ব জিএছটি।

ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা জুন মাহতেই এটিএমৰ পৰা টকা উলিওৱাৰ নিৰ্দ্ধাৰিত সীমা অতিক্ৰম কৰিলে অতিৰিক্ত ১টকা চাৰ্জ লোৱাৰ অনুমতি দিছিল।

Also Read: Zubeen Garg: জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চুকাফা বঁটা-২০২১

সেইদৰে, ২০টকাৰ পৰিৱৰ্তে প্ৰতিটো এই অতিৰিক্ত লেনদেনত ২১টকা কৰাত অনুমোদন দিছে আৰবিআইয়ে।

এতিয়া তোনো গ্ৰাহকে যদি মাহত এটিএমৰ পৰা টকা উলিওৱাৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰে তেতিয়াহ’লে অহা ১ জানুৱাৰীৰ পৰা প্ৰতিটো লেনদেনৰ বাবে ৰাষ্ট্ৰীয়কৃত বেংক তথা বেচৰকাৰী বেংকসমূহে ২১টকা কৰিব পাৰিব।

উল্লেখ্য যে গ্ৰাহকসকলে নিজৰ বেংকৰ এটিএমৰ পৰা প্রতিমাহত বিনামূলীয়াকৈ পাঁচবাৰ লেনদেনৰ (বিত্তীয় তথা আন লেনদেন) সুযোগ পাব।

Also Read: Rule of the Road: মটৰচাইকেল আৰোহীৰ হেলমেট তথা লাইচেঞ্চ পৰীক্ষা টীয়ক আৰক্ষীৰ; ৰুজু গোচৰ, বিহিলে জৰিমনা

আনহাতে, মেট্ৰ’ চহৰৰ আন বেংকৰ এটিএমৰ পৰা মাহত তিনিবাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। মেট্ৰ’ৰ বাহিৰে বাকী চহৰত পাঁচবাৰ এই লেনদেন কৰিব পাৰিব।