বিলাসীপাৰাত আছু কাৰ্য্যালয় লণ্ড-ভণ্ড দুৰ্বিত্তৰ; ফালি পেলালে ভূপেন হাজৰিকা আৰু বিষ্ণু ৰাভাৰ আলোকচিত্ৰ

AASU News

বিলাসীপাৰাত আছু কাৰ্যালয়ত আক্ৰমণ

চিলাপথাৰ কাণ্ডৰ অনুৰূপ ধৰণে বিলাসীপাৰাত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰি কাৰ্য্যালয়ৰ সা-সম্পত্তি লণ্ড-ভণ্ড কৰাৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু বিষ্ণুৰাভাৰ আলোকচিত্ৰও ফালি পেলায়।

বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অবাঞ্চিত ঘটনাটো সংঘটিত হয়।

আনহাতে, আছুৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰা বাবে বিধেয়ক সমৰ্থনকাৰী সকলে এনেদৰে আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে বুলি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিসকলে উল্লেখ কৰে।

শীঘ্ৰে আৰক্ষীয়ে দোষীক আটক কৰি কঠোৰ শাস্তি প্ৰদান নকৰিলে অনাগত দিনত জংগী আন্দোল গঢ়ি তোলাৰো হুংকাৰ দিয়ে বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থাৰ ছাত্ৰ কৰ্মীসকলে।

আছুৰ কাৰ্য্যালয়ত আক্ৰমণৰ ঘটনাৰ বিৰোধিতাৰে বিলাসীপাৰা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে মুখত কলা কাপোৰা বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিলাসীপাৰা আৰক্ষী চকীত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে।

মঙলবাৰৰ ঘটনাৰ পাছতে ঘটনাস্থলীত মহকুমা প্ৰশাসনিক বিষয়াৰ লগতে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্হিতিৰ বুজ লৈ তদন্ত অব্যাহত ৰাখিছে।