পুৰী শংকৰাচাৰ্য স্বামী নিস্থলানন্দ সৰস্বতীক দুদিনীয়া অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই টি) দুৰ্গাপুৰলৈ নিমন্ত্ৰণক লৈ এক উত্তপ্ত ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে। শিক্ষাখণ্ডৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত অভিযোগ উত্থাপন হৈছে। যদিও প্ৰতিষ্ঠান কৰ্তৃপক্ষই এই কাৰ্যসূচী সম্পূৰ্ণ শিক্ষামূলক আৰু প্ৰেৰণাদায়ক বুলি দাবী কৰে।
যোৱা ১০ আৰু ১১ ছেপ্টেম্বৰত শংকৰাচাৰ্য স্বামী নিস্থলানন্দ সৰস্বতী এন আই টি দুৰ্গাপুৰলৈ আহিছিল। এন আই টি দুৰ্গাপুৰৰ সঞ্চালক অধ্যাপক অৰবিন্দ চৌবেয়ে এই ভ্ৰমণ নিশ্চিত কৰি কয় যে, মই সকলো ধৰ্মৰ লোকক এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছো। ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই।”
আয়োজকসকলে জনোৱা মতে, প্ৰথম দিনাই শংকৰাচাৰ্যই ‘যুৱ শক্তি’ আৰু ‘ভাৰতীয় গ্ৰন্থ পৰমপাৰা’ বিষয়ত বক্তৃতা প্ৰদান কৰে। দ্বিতীয় দিনা তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে আধ্যাত্মিক আলোচনা, দৰ্শন আৰু দীক্ষাৰ বিষয়ে কয়।
অৱশ্যে বিৰোধীয়ে এই অনুষ্ঠানক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। দুৰ্গাপুৰৰ চি পি আই (এম)ৰ প্ৰাক্তন বিধায়ক বিপ্ৰেন্দু চক্ৰৱৰ্তীয়ে কয়, “শিক্ষা মন্ত্ৰালয়ে কোনো প্ৰকাৰে কোনো প্ৰখ্যাত প্ৰযুক্তি প্ৰতিষ্ঠানত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি দিব নোৱাৰে।”
তৃণমূল কংগ্ৰেছ নেতা উজ্জ্বল মুখাৰ্জীয়ে অভিযোগ উত্থাপন কৰে যে এই অনুষ্ঠানটো আচলতে শিক্ষা ব্যৱস্থাক গেৰুৱা কৰি তোলাৰ আৰ এছ এছৰ দ্বাৰা পৰিচালিত প্ৰয়াস। তেওঁ কয়, ‘শংকৰাচাৰ্যই ছাত্ৰ-ছাত্ৰীক দীক্ষা দিব বুলি শুনিছোঁ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰাৰ প্ৰয়াস কৰা হৈছে। কিন্তু সঞ্চালক অধ্যাপক চৌবেয়ে এই অভিযোগ খণ্ডন কৰি কয়, ‘আমাৰ অনুষ্ঠানত দীক্ষা নামৰ একো নাছিল। বেনাৰ আৰু পোষ্টাৰবোৰ আহিছিল পুৰীৰ গোবৰ্ধন ধামৰ পৰা, য’ত এই শব্দটো ব্যৱহাৰ কৰা হৈছিল।